অসম

assam

ETV Bharat / bharat

কেব : আই বি (IB), ৰ'ই (R&AW)- আশংকা ব্যক্তি কৰিছিল কেন্দ্ৰক - আই বি (IB), ৰ'ই (R&AW)- আশংকা ব্যক্তি কৰিছিল কেন্দ্ৰক

নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত আশংকা ব্যক্ত কৰিছিল IB আৰু ৰ' (R&AW) য়ে ৷ নিজৰ এজেন্ট আৰু সমৰ্থকক ভাৰতত অনুপ্ৰৱেশ কৰোৱাবৰ বাবে এজেন্সী বিলাকে কেবৰ ব্যৱহাৰ কৰিব পাৰে বুলি মন্তব্য কৰিছিল IB আৰু ৰ' (R&AW) য়ে ৷

আশংকা ব্যক্ত আই বি (IB), ৰ'(R&AW) ৰ
কেব

By

Published : Dec 10, 2019, 7:19 PM IST

নেশ্যনেল ডেস্ক, 10 ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়ক লোকসভাত গৃহীত হ'লেও ভাৰতৰ আভ্যন্তৰীণ অনুসন্ধানকাৰী সংস্থা চমুকৈ IB আৰু ৰ' (R&AW) য়ে এই সম্পৰ্কত আশংকা ব্যক্ত কৰিছে ৷

কেবক লৈ উত্তপ্ত অসম

IB আৰু R&AW ৰ প্ৰতিনিধিয়ে কেব সম্পৰ্কত যুটীয়া সংসদীয় কমিটিৰ সন্মুখত চাৰিবাৰকৈ নিজৰ বক্তব্য ৰাখিছিল ৷ ছেপ্টেম্বৰ 21, 2016, অক্টোবৰ 3, 2016, মাৰ্চ 22, 2017 আৰু অক্টোবৰ 23, 2018 ত প্ৰতিনিধিসকলে নিজৰ বক্তব্য ৰাখিছিল ৷

এই কমিটিত লোকসভাৰ 20 জন আৰু ৰাজ্যসভাৰ 10 জন সাংসদ আছিল ৷ আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ পৰা ধৰ্মৰ ভিত্তিত অনুপ্ৰৱেশ কৰাসকলৰ সত্যাসত্য নিৰূপন কৰা যাবনে বুলি সংসদীয় কমিটিয়ে প্ৰশ্ন কৰাত আই বিয়ে মন্তব্য কৰিছিল যে, এনে বহুলোকে ভাৰতত প্ৰৱেশ কৰাৰ লগতে দশক পূৰ্বেই ভাৰতৰ নাগৰিকত্ব লাভ কৰিছিল ৷

সত্যাসত্য কিদৰে নিৰূপন কৰিব পাৰিব বুলি সোধা প্ৰশ্নৰ উত্তৰত আই বিয়ে কয়, "কোনো আবেদনকাৰীয়ে ধৰ্মীয় অত্যাচাৰৰ পৰিপেক্ষিতত ভাৰতত প্ৰৱেশ কৰাৰ তথ্য নথি পত্ৰৰ সহায়ত দিব পাৰিলে আঞ্চলিক বিদেশী পঞ্জীকৰণ কাৰ্যালয়ত ইয়াৰ সত্যাসত্য নিৰূপন কৰা হ'ব ৷"

আই বিৰ অধ্যক্ষই দাবী কৰে যে, 31, 313 জন লোকে ধৰ্মৰ ভিত্তিত ভাৰতত প্ৰৱেশ কৰি নাগৰিকত্বৰ বাবে আবেদন কৰিছিল আৰু তৎকালীনভাৱে ভাৰতৰ নাগৰিকত্ব লাভ কৰিছিল ৷

ৰ' (R&AW)ৰ যুটীয়া সম্পাদকে এই সম্পৰ্কত কৈছিল যে, নিজৰ এজেন্ট আৰু সমৰ্থকক ভাৰতত অনুপ্ৰৱেশ কৰোৱাবৰ বাবে এজেন্সী বিলাকে কেবৰ ব্যৱহাৰ কৰিব পাৰে ৷

আৰু পঢ়ক : নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আইছাৰ প্ৰতিবাদ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details