অসম

assam

ETV Bharat / bharat

চীনত ভাৰতীয় বাতৰিকাকত বন্ধ কৰাক লৈ ইণ্ডিয়ান নিউজপেপাৰ ছচাইটিৰ প্ৰতিক্ৰিয়া - আইএনএছৰ সভাপতি, শৈলেছ গুপ্তা

ভাৰতত চীনৰ 59 টা এপ্লিকেশ্বন নিষিদ্ধ কৰাৰ প্ৰত্য়ুত্তৰত চীনে দেশখনত নিষিদ্ধ কৰে ভাৰতীয় বাতৰিকাকতৰ লগতে মিডিয়া ৱেবচাইটসমূহ ৷ ইয়াকে লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ইণ্ডিয়ান নিউজপেপাৰ ছচাইটিয়ে ৷

ইণ্ডিয়ান নিউজপেপাৰ ছচাইটিৰ প্ৰতিক্ৰিয়া
ইণ্ডিয়ান নিউজপেপাৰ ছচাইটিৰ প্ৰতিক্ৰিয়া

By

Published : Jul 2, 2020, 3:04 PM IST

নিউজ ডেস্ক, 2 জুলাই : চীনৰ এপ্লিকেশ্বনৰ ভাৰতত নিষিদ্ধ হোৱাৰ পিচতে এইবাৰ চীনে দেশখনত নিষিদ্ধ কৰিলে ভাৰতীয় বাতৰি কাকত তথা মিডিয়া ৱেবচাইট ৷ ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ভাৰতীয় বাতৰিকাকত সমাজে ৷ ইণ্ডিয়ান নিউজপেপাৰ ছচাইটি অৰ্থাৎ ভাৰতীয় বাতৰিকাকত সমাজে এইক্ষেত্ৰত ভাৰত চৰকাৰক শীঘ্ৰেই ভাৰততো চীনৰ মিডিয়াসমূহ নিষিদ্ধ ঘোষণা কৰিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়কঃগালৱান সংঘৰ্ষত নিহত চীনা সৈনিকৰ পৰিয়ালৰ চীনা চৰকাৰৰ বিৰুদ্ধে ক্ষোভ

আইএনএছৰ সভাপতি, শৈলেছ গুপ্তাই ভাৰতীয় বাতৰিকাকত সমাজৰ সকলো সদস্যৰ হৈ চীনৰ চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপক সমালোচনা কৰে ৷ ইয়াৰ উপৰিও চীনে ভাৰ্চুৱেল প্ৰাইভেট নেটৱৰ্ক (VPN)কো উন্নত প্ৰযুক্তিসম্পন্ন ফায়াৰৱেলৰ দ্বাৰা নিষিদ্ধ কৰাৰ কথা উল্লেখ কৰে গুপ্তাই ৷

লগতে পঢ়কঃআদালতত প্ৰত্যাহ্বান জনাব পাৰিব নিষিদ্ধঘোষিত চীনা এপে

ইণ্ডিয়ান নিউজপেপাৰ ছচাইটিয়ে প্ৰকাশ কৰা এক বিজ্ঞপ্তিত কোৱা হয় যে, "গুপ্তাই ভাৰত চৰকাৰক কঠোৰভাৱে চীনৰ সকলো সংবাদ প্ৰতিষ্ঠান আৰু চীনৰ দ্বাৰা ভাৰতীয় সংবাদ প্ৰতিষ্ঠানত কৰা বিনিয়োগ তৎকালীনভাৱে বলৱৎ হোৱাকৈ শীঘ্ৰেই বন্ধ কৰিবলৈ আহ্বান জনাইছে" ৷

লগতে পঢ়কঃইণ্ডো-পেচিফিকত বৃদ্ধি পাইছে সংঘৰ্ষৰ শংকা : অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী

উল্লেখ্য যে, সোমবাৰে ভাৰত চৰকাৰৰ তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে ভাৰত-চীনৰ মাজৰ শেহতীয়া পৰিস্থিতিৰ মাজতেই ভাৰতৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি সৃষ্টিকাৰী, ভাৰতৰ প্ৰতিৰক্ষা আৰু সুৰক্ষা প্ৰতি বিপদজ্জনক বুলি উল্লেখ কৰি টিকটককে ধৰি সৰ্বমুঠ 59টা চীন এপ্লিকেশ্বন ভাৰতত নিষিদ্ধ ঘোষণা কৰিছিল ৷

লগতে পঢ়কঃটিকটকসহ ভাৰতত নিষিদ্ধ ঘোষণা 59টা চীনা এপ

ইয়াৰ পিচতেই বুধবাৰে নিশাৰ ভাগত চীনৰ বৈদেশিক মন্ত্ৰালয়ে ভাৰতীয় বাতৰিকাকত আৰু সংবাদগোষ্ঠীসমূহ চীনত নিষিদ্ধ ঘোষণা কৰে ৷

লগতে পঢ়কঃউদ্বেগজনক : চীন আৰু পাকিস্তানত আছে ভাৰততকৈ অধিক পাৰমণাৱিক অস্ত্ৰ

ABOUT THE AUTHOR

...view details