অসম

assam

ইৰাণৰ পৰা ৬৭৮ গৰাকী ভাৰতীয়ক লৈ তামিলনাডুত উপস্থিত আইএনএছ জলাশ্ব

By

Published : Jul 1, 2020, 8:00 PM IST

কোভিড-১৯ মহামাৰীৰ বাবে বহিঃৰাষ্ট্ৰত আৱদ্ধ হৈ থকা লোকসকলক নিজ দেশলৈ উভতাই আনিবৰ বাবে বন্দে ভাৰত মিছনৰ অধিনত ভাৰতীয় নৌ সেনাই আৰম্ভ কৰিছিল সমুদ্ৰ সেতু অভিযান। ভাৰতীয় নৌ সেনাই ৮ মে'ৰ পৰা আৰম্ভ কৰিছিল এই অভিযানৰ কাম।

INS Jalashwa
INS Jalashwa brings back 687 stranded Indians from Iran

নিউজ ডেস্ক, ১ জুলাইঃ ইৰাণৰ পৰা ৬৮৭ গৰাকী ভাৰতীয় নাগৰিকৰ লৈ বুধবাৰে তামিলনাডুৰ টুতিকোৰিণ বন্দৰত উপস্থিত হয় ভাৰতীয় জাহাজ আইএনএছ জলাশ্ব (INS Jalashwa)। সমুদ্ৰ সেতু অভিযানৰ অধিনত ইৰাণত আৱদ্ধ হৈ থকা এইসকল ভাৰতীয় নাগৰিকক দেশলৈ উভতাই অনা হয়।

লকডাউনৰ বাবে ইৰাণত আৱদ্ধ হৈ থকা তামিলনাডুৰ টুথুকুডি (Thoothukudi), কন্যাকুমাৰী আৰু উপকূলীয় জিলাসমূহৰ মাছমৰীয়াসকলে নিজ দেশলৈ উভতাই আনিবৰ বাবে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছিল। তাৰ পাছতেই ভাৰতীয় নৌ-সেনা বাহিনীয়ে তেওঁলোকক উভতাই আনিবৰ বাবে আইএনএছ জলাশ্ব জাহাজ প্ৰেৰণ কৰিছিল।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ১১ জুনত ইৰাণৰ পৰা ২৩৩ গৰাকী ভাৰতীয় নাগৰিকক লৈ দেশত উপস্থিত হৈছিল আইএনএছ শাৰ্দুল জাহাজ। কোভিড-১৯ মহামাৰীৰ বাবে বহিঃৰাষ্ট্ৰত আৱদ্ধ হৈ থকা লোকসকলক নিজ দেশলৈ উভতাই আনিবৰ বাবে বন্দে ভাৰত মিছনৰ অধিনত, কেন্দ্ৰীয় চৰকাৰৰ তত্ত্বাবধানত ভাৰতীয় নৌ সেনাই আৰম্ভ কৰিছিল সমুদ্ৰ সেতু অভিযান।

ভাৰতীয় নৌ সেনাই ৮ মে'ৰ পৰা আৰম্ভ কৰিছিল এই অভিযানৰ কাম। সমুদ্ৰ সেতু অভিযানৰ অধিনত ইতিমধ্যে শ্ৰী লংকা আৰু মালদ্বীপৰ পৰা কেৰালাৰ কোচি আৰু তামিলনাডুৰ টুতিকোৰিণ বন্দৰলৈ ২,৮৭৪ গৰাকী ভাৰতীয় নাগৰিকক উভতাই অনা হৈছে। বিগত ২৩ জুনত আইএচএছ ঐৰাৱত জাহাজেৰে ১৯৮ গৰাকী ভাৰতীয় নাগৰিকক মালদ্বীপৰ পৰা দেশলৈ উভতাই অনা হৈছিল।

ABOUT THE AUTHOR

...view details