নিউজ ডেস্ক, ৯ মে' :কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ স্বাস্থ্য় সন্দৰ্ভত কৰা অমানৱীয় মন্তব্য তথা উৰাবাতৰি গৰিহণাৰ যোগ্য । দেশৰ গৃহমন্ত্ৰীৰ স্বাস্থ্য়ক লৈ এইদৰে উৰাবাতৰিৰ আশ্ৰয় লোৱাটো অত্যন্ত নিন্দাজনক বুলি কয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই ।
নড্ডাই কয় যে, “কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ স্বাস্থ্যৰ ওপৰত কৰা অমানৱীয় মন্তব্য নিন্দাজনক । এগৰাকী ব্যক্তিৰ স্বাস্থ্যক লৈ এইদৰে উৰাবাতৰিৰ আশ্ৰয় লোৱাটোৱে মানুহৰ মনৰ অৱস্থাটোক প্ৰতিফলিত কৰে । মই এইধৰণৰ কাৰ্যকলাপৰ নিন্দা কৰাৰ লগতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো এইসকল লোকক সুমতি প্ৰদান কৰিব” । টুইট কৰি এইদৰে প্ৰকাশ কৰে নড্ডাই । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ স্বাস্থ্য সন্দৰ্ভত স্পষ্টীকৰণ দি কৰা এটা টুইটৰ পিচতে নড্ডাই এইদৰে টুইট কৰে ।