সম্প্ৰতি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ মাজত ৰণনৈতিক আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত এক শক্তিশালী অংশীদাৰিত্ব থকাৰ উপৰিও ১৪২ বিলিয়ন ডলাৰ মূল্যৰ এক নিকপকপীয়া বাণিজ্যিক সম্বন্ধ আছে ৷ কিন্তু, দীৰ্ঘ সময় জুৰি প্ৰৱজন আৰু প্ৰস্তাৱিত এক বাণিজ্যিক চুক্তিক লৈ বৰ্তমানলৈকে চলি থকা এক বিবাদ, এক সীমিত বাণিজ্যিক চুক্তিও বহুদিন ধৰি সম্পন্ন হ’বগৈ পৰা নাই তথা যিসমূহ চুক্তি ২০২০ চনৰ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ সময়তো আনকি সম্পন্ন নহ’ল ৷ যি নহওক, অলপতে ইউ এছ আই এছ এফৰ (ইউ এছ ইণ্ডিয়া পাৰ্টনাৰ্শ্বিপ ফ’ৰাম) দ্বাৰা অনুষ্ঠিত এক সন্মিলনত ভাগলৈ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযুষ গোৱেলে ঘোষণা কৰে যে নৱেম্বৰত হ’ব লগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ আগে আগে এক সীমিত বাণিজ্যিক চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে ৷
সীমিত বাণিজ্যিক চুক্তিৰ সম্ভাৱনাৰ বিষয়ে সোধাত ৱাশ্বিংটন ডি ছিৰ হাডছন ইনষ্টিটিউটত ইণ্ডিয়া ইনিছিয়েটিৱৰ সচিৱ ড° অপৰ্ণা পাণ্ডেয়ে কয় যে ইয়াৰ কোনো সম্ভাৱনাই নাই ৷ “অনাগত মাহকেইটাত সৰুৱেই হওক নাইবা ডাঙৰেই হওক কোনো বাণিজ্য চুক্তি যে স্বাক্ষৰিত হ’ব; মই একেবাৰেই নিশ্চিত নহয় ৷ খুব সম্ভৱত আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতবৰ্ষক জি এছ পি (জেনেৰেলাইজড ছিষ্টেম অৱ প্ৰিফাৰেঞ্চেছ) প্লাছ মৰ্যদা ঘূৰাই দিব পাৰে ৷ এই বিশেষাধিকাৰসমূহ প্ৰত্যাহাৰ কৰা হৈছিল ৷ সেয়া চাগৈ ৬ৰ পৰা ৮ বিলিয়ন আমেৰিকান ড’লাৰ হ’ব ৷ ই এনেকুৱা এক কাৰ্যকৰী নিৰ্দেশ যাক প্ৰত্যাহাৰ কৰা হৈছিল ৷ ৰাষ্ট্ৰপতিয়ে অনাগত দুই তিনি মাহৰ ভিতৰত ইয়াক সম্পাদন কৰিব পাৰে ৷ আৰু ইয়েই এক সীমিত চুক্তি যেন পতিত হ’ব পাৰে ৷” “ফ্ৰম চানক্য টু মোদী এণ্ড মেকিং ইণ্ডিয়া গ্ৰেইট”ৰ লেখক ড° পাণ্ডেয়ে এনেদৰে কয় ৷
“এক বৃহৎ বাণিজ্যিক চুক্তিৰ স্বাক্ষৰিত কৰাৰ সমস্যাটো হ’ল; আমি এনেকুৱা এক সময়ত বাস কৰি আছোঁ; যি সময়ত ভাৰত আৰু আমেৰিকা দুয়োখন ৰাষ্ট্ৰই ৰাষ্ট্ৰীয়তাবাদী আৰু সংৰক্ষণবাদীতাত বিশ্বাস কৰে ৷ আপুনি যাক শুল্কৰ ৰজা বুলি অভিহিত কৰে আৰু যাৰ বিৰুদ্ধে আপোনাৰ কৃষি সাহাৰ্যৰ পৰা আৰম্ভ কৰি বৌদ্ধিক সম্পদৰ অধিকাৰ তথা অন্য শুল্কসমূহলৈকে অনেক সমস্যাই আছে তেনে এখন ৰাষ্ট্ৰৰ সৈতে আমেৰিকা ফাৰ্ষ্ট পলিছিক বিশেষাধিকাৰ প্ৰদান কৰা কাৰ্যক শাৰীবদ্ধ কৰাটো অতি কঠিন কাম ৷ সেয়ে অহা দুমাহত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বাবে এই কাম কৰাটো কঠিন হ’ব ৷ বাইডেনৰেই হওক নাইবা ট্ৰাম্পৰেই হওক, পৰৱৰ্তী প্ৰশাসন খনতো যে ই হ’ব সেই কথা মই নাজানো ৷ ই ভাৰতৰ পক্ষতো একে ধৰণেই কঠিন হ’ব ৷ ভাৰতীয় অৰ্থনীতিৰ ক্ষতি হৈছিল ৷ ভাৰতৰ বাবে নিজৰ কৃষক আৰু উৎপাদনকাৰীসকলক সুৰক্ষা প্ৰদান কৰিবৰ বাবে কিছুমান শুল্ক গুৰুত্বপূৰ্ণ ৷” তেওঁ পুনৰ এইদৰে বৰ্ণনা কৰে ৷ ফ্ৰাঞ্চত নিযুক্ত ভাৰতৰ ৰাষ্ট্ৰদূত তথা বাণিজ্য আলোচক মোহন কুমাৰেও একে ধৰণৰ সন্দেহ ব্যক্তি কৰি কয় যে ২০২১ চনৰ প্ৰথম তিনি মাহৰ আগে আগে এক বাণিজ্য চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা তেনেই সীমিত ৷ তেওঁ ভাৰতৰ বৃহত্তৰ স্বাৰ্থৰ লগত জড়িত আন কিছুমান জটিল সমস্যাৰ বিষয়েও উল্লেখ কৰে ৷
“বৰ্তমান আমেৰিকাই চীনৰ সৈতে আমাৰ ওপৰত এক গুৰত্বপূৰ্ণ সমস্যাটো জাপি দিছে আৰু কৈছে যে দুয়োখন ৰাষ্ট্ৰৰে উন্নয়নশীল ৰাষ্ট্ৰ হিচাপে চিহ্নিত হৈ থকাৰ অধিকাৰ নাই ৷ মোৰ দৰে এজন প্ৰাক্তন আলোচকৰ বাবে ই এক আশ্চৰ্যর্পূণ যুক্তি ৷ আপুনি আপেলক কমলাৰ সৈতে তুলনা কৰিছে ৷ প্ৰত্যেকেই জ্ঞাত যে চীন হ’ল এখন ১৩ ট্ৰিলিয়ন ডলাৰৰ অৰ্থব্যৱস্থা আনহাতে আমি হ’লো ২.৭ ট্ৰিলিয়ন ডলাৰৰ অৰ্থব্যৱস্থা ৷ পৰৱৰ্তী প্ৰশাসনখন যাৰেই নহওক, এইটোৱেই হ’ল সেই বিষয়টো যাৰ বিষয়ে ক’বলৈ আমি প্ৰশাসনখনক প্ৰভাৱিত কৰিব লাগিব ৷” জিন্দাল গ্লোবেল বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় অধ্যয়ন বিভাগৰ ডীন তথা আৰ আই এছৰ থিংক টেংক মোহন কুমাৰে এইদৰে কয় ৷
“মোৰ বাবে কেৱল মৎস্য পালনৰ ওপৰত হ’ব লগীয়া বহুপক্ষীয় বাৰ্তালাপৰ হেতু আমাক উন্নয়নশীল দেশৰ যি মৰ্যদা তাক ঘূৰাই পাব লাগে ৷ যদি আমেৰিকাই কয় যে আমি তোমালোকৰ সৈতে চীন তথা আন কোনো ৰাষ্ট্ৰক কৰাৰ দৰে আচৰণ কৰিম; তেনেহ’লে আমি বিশ্ব বাণিজ্য সন্থাত আলোচনতা বহিবলৈ সমৰ্থ হ’ব নোৱাৰিম ৷ বাকী সকলোবোৰ আমি সমাধান কৰিব পাৰিম ৷ কিন্তু ই অতি কঠিন; কিয়নো এই বিষয়টোত মই লাইটহাইজাৰৰ (আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাণিজ্যিক প্ৰতিনিধি) ওপৰত মুঠেও ভৰষা কৰিব নোৱাৰোঁ ৷” জি এছ পিৰ সহিতে আন ডিজিটেল সেৱা কৰৰ জটিলতাৰ বিষয়ে ইংগিত দি কুমাৰে কয় ৷