অসম

assam

ETV Bharat / bharat

গুৰুত্বপূৰ্ণ ভাৰত-আমেৰিকা চুক্তি হ’ব ভাৰতলৈ আমেৰিকাৰ কিলাৰ ড্ৰ'ণৰ আগমণৰ পথিকৃত - DONALD TRUMP IN INDIA

বিশ্বৰ শীৰ্ষ দুগৰাকী নেতা লগ হোৱাৰ ফলত ক্ৰমশঃ শক্তিশালী হৈ পৰা চীনৰ সন্মুখত এক কৌশলগত প্ৰত্যাহ্বান প্ৰেৰণ কৰিব পাৰে । লগতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ ভাৰত আগমণে বিভিন্ন ভুল ধাৰণাৰ অৱসান ঘটোৱাৰ উপৰি অপটিক্স বৃদ্ধি কৰিব ।

Indo-US pact will be harbinger of US killer drones to India
ভাৰত-আমেৰিকা চুক্তি হ’ব ভাৰতলৈ আমেৰিকাৰ কিলাৰ ড্ৰ'ণৰ আগমণৰ পথিকৃত

By

Published : Feb 21, 2020, 2:52 PM IST

অপটিক্সৰ উপৰি সামৰিক দিশ বাদ দি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ প্ৰথম ভাৰত ভ্ৰমণে ভাৰত আৰু আমেৰিকাৰ ঘৰুৱা বিষয়ৰ বুজাপৰাত উপনীত হোৱাৰ সামান্য থল আছে ।

আহমেদাবাদত ২৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগা ‘নমস্তে ট্ৰাম্প’ অনুষ্ঠানটোক ২০১৯ চনৰ ২২ ছেপ্টেম্বৰত হিউষ্টন, টেক্সাছত অনুষ্ঠিত হোৱা অনুষ্ঠানৰ প্ৰতিদান হিচাপে চাব পাৰি । সোমবাৰৰ পৰা আৰম্ভ হ’বলগীয়া এই দুদিনীয়া ভ্ৰমণসূচীত সামৰিক সহযোগিতাক সামৰাৰ বহু সম্ভাৱনা আছে । প্ৰধানমন্ত্ৰীৰ নেতৃত্বৰ নিৰাপত্তাৰ কেবিনেট সমিতিয়ে বুধবাৰে ভাৰতীয় নৌসেনাৰ বাবে( ১৫,২০০ কোটি টকা ব্যয় সাপেক্ষে) ২৪ এম এইচ-৬০ মাল্টিমিছন হেলিকপ্টাৰ আৰু ছখন এ এইচ-৬৪ই এপাচি এটেক হেলিকপ্টাৰ (৫৬৯১ কোটি টকা ব্যয়েৰে) আমেৰিকাৰ পৰা ক্ৰয়ৰ বাবে দিয়া অনুমোদনে ইয়াৰে ইংগিত বহন কৰে ।

সামৰিক দৃষ্টিৰ পৰা মোদী-ট্ৰাম্পৰ বৈঠকৰ পৰা বি ই চি এ অৰ্থাৎ বেছিক এক্সচেইঞ্জ এণ্ড কোঅপাৰেশ্যন এগ্ৰীমেণ্ট হ’ব পাৰে বুলি আশা কৰিব পাৰি । এই প্ৰাৰম্ভিক চুক্তিয়ে ভাৰতক অতি উন্নত মানৰ আৰু সঠিক ইউ এছ জিঅ’-স্পেটিয়েল ডাটা আৰু ডিজিটেল ইমেজাৰী আৰু মানচিত্ৰৰ সুবিধা প্ৰদান কৰিব । আমেৰিকাৰ অত্যাধুনিক অস্ত্ৰশক্তিৰ অন্যতম ইউ এ ভি আৰু কিলাৰ ড্ৰ'ণ লাভ কৰাৰ ক্ষেত্ৰত বি ই চি এ হৈছে ভাৰতৰ প্ৰথম পদক্ষেপ । এই ইউ এ ভি সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ ইউ এছ জিঅ’স্পেটিয়েল ডাটাৰ সুবিধা থকাটো অপৰিহাৰ্য । আন কথাত বি ই চি এ স্বাক্ষৰ কৰাটো ভাৰতলৈ ইউ এ ভিৰ আগমনৰ পথ প্ৰদৰ্শক স্বৰূপ হ’ব । ২০১৬ চনৰ এল ই এম অ’ এ অৰ্থাৎ লজিষ্টিকছ্ এক্সচেইঞ্জ মেম’ৰেণ্ডাম অৱ্ এগ্ৰীমেণ্ট আৰু ২০১৮ চনৰ কমিউনিকেশ্যন কম্পেটিবেলিটী এণ্ড চিকিউৰিটী এগ্ৰীমেণ্ট বা চি অ’ এম চি এ এছ এৰ পাছত বি ই চি এ হ’ব ভাৰত-আমেৰিকাৰ তৃতীয়খন গুৰুত্বপূৰ্ণ চুক্তি । এল ই এম অ’ এয়ে সামৰিক সুবিধাবোৰ পাৰস্পৰিক ব্যৱহাৰৰ অনুমোদন দিয়াৰ লগতে অ’ এম চি এ এছ এয়ে আমেৰিকাক ভাৰতত যোগাযোগৰ সামগ্ৰী স্থাপন কৰাৰ লগতে সামৰিক তথ্য-পাতিৰ প্ৰকৃত সময়ৰ বিনিময়ৰ অনুমতি প্ৰদান কৰে ।

বিশ্বৰ শীৰ্ষ দুগৰাকী নেতা লগ হোৱাৰ ফলত ক্ৰমশঃ শক্তিশালী হৈ পৰা চীনৰ সন্মুখত এক কৌশলগত প্ৰত্যাহ্বান প্ৰেৰণ কৰিব পাৰে । লগতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ ভাৰত আগমণে বিভিন্ন ভুল ধাৰণাৰ অৱসান ঘটোৱাৰ উপৰি অপটিক্স বৃদ্ধি কৰিব । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে অলপতে এক অনাস্থা প্ৰস্তাৱ বাতিল কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উজ্জ্বল ভাৱমূৰ্তি অৰ্থনৈতিক দুৰৱস্থা আৰু বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনকলৈ হোৱা প্ৰতিবাদে ম্লান কৰিছে । ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰতলৈ যাত্ৰা কৰাৰ এসপ্তাহতকৈ কম সময় পূৰ্বে বুধবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় ধৰ্মীয় স্বাধীনতা আয়োগে (ইউ এছ চি আই আৰ এফ) বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ককলৈ উলিওৱা এক তথ্যভিত্তিক প্ৰতিবেদনে পানী ঘোলা কৰিছে । ইউ এছ চি আই আৰ এফে ইয়াৰ প্ৰতিবেদনত কৈছে— “বিজেপিৰ হিন্দুত্ব আদৰ্শৰ ক্ৰমবৰ্দ্ধমান প্ৰসাৰৰ প্ৰসংগত কা আৰু এন আৰ চিৰ বিষয়টোও বুজি পাব লাগিব । এই আদৰ্শই ভাৰতক এক হিন্দু ৰাষ্ট্ৰ হিচাপে চোৱাৰ লগতে ইছলামক বিদেশী আৰু আক্ৰমণকাৰীৰ ধৰ্ম হিচাপে গণ্য কৰে । হিন্দুত্ব ৰাজনৈতিক বাক্ ধাৰাই মুছলমানৰ ভাৰতীয় নাগৰিকত্বৰ বৈধতাৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰাৰ উপৰি এই ধৰ্মাৱলম্বীৰ সমাজৰ প্ৰান্তীয়কৰণত উদগণি যোগায় ।”ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ পূ্ৰ্বে এয়া সুবিধাজনক কথা নহয় ।

ইউ এছ চি আই আৰ এফ হৈছে আন দেশত ধৰ্মীয় ভাবুকি সন্দৰ্ভত নিৰীক্ষণ, বিশ্লেষণ আৰু প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ আমেৰিকাৰ কংগ্ৰেছে স্থাপন কৰা স্বতন্ত্ৰ কিন্তু যুক্তৰাষ্ট্ৰীয় চৰকাৰী সংস্থা । এই সংস্থাই ধৰ্মীয় নিপীড়ন হ্ৰাস আৰু ধৰ্ম আৰু বিশ্বাসৰ স্বাধীনতাৰ প্ৰসাৰৰ বাবে ৰাষ্ট্ৰপতি আৰু আমেৰিকান কংগ্ৰেছক বৈদেশিক নীতিৰ লগত জড়িত পৰামৰ্শ প্ৰদান কৰে । আকৌ ৰাজনীতিবিদসকলৰ মানুহৰ সংখ্যাৰ প্ৰতি থকা ভালপোৱাক প্ৰতীয়মান কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে ৭ মিলিয়ন (৭০ লাখ) সংখ্যাটোৰ ক্ষেত্ৰত লাগি আছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰা অনুসৰি এই বৃহৎ সংখ্যক লোকে আহমেদাবাদৰ ৰাজপথত মঙলবাৰে ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ কালছোৱাত আদৰণি জনাব । ভাৰতৰ আমোলা-বিষয়াই এনে বৃহৎ সংখ্যক জনগণক ৰাজপথত শাৰী কৰাবলৈ নিষ্ফল প্ৰয়াস চলাইছে । এয়া সঠিক কূটনৈতিক কৌশল গ্ৰহণ কৰা হৈছে । যি কি নহওক আহমেদাবাদৰ ২০২০ চনৰ জনসংখ্যা ৯ মিলিয়নতকৈ বহুত কম হ’ব ।

সকলোতকৈ ওপৰত ট্ৰাম্পে ইতিমধ্যে বহু প্ৰত্যাশিত ভাৰতৰ সৈতে এক বাণিজ্যিক চুক্তিৰ সম্ভাৱনা নস্যাৎ কৰিছে (“ভাৰতে আমাক ভালদৰে ব্যৱহাৰ কৰা নাই”) । ট্ৰাম্পৰ লেনদেনৰ ৰাজনীতিৰ ধৰণ আৰু ভাৰতীয় অৰ্থনীতিৰ দুৰ্বল অৱস্থাই প্ৰধআনমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে দক্ষতা দেখুওৱাৰ বিশেষ থল নাৰাখে । নিশ্চিতভাৱে ট্ৰাম্পৰ ভাৰত ভ্ৰমণে আমেৰিকাত বসবাস কৰা ৪০ লাখ ভাৰতীয়-আমেৰিকান সমাজৰ সমৰ্থন আদায় কৰাৰ প্ৰচেষ্টাত সহায় কৰিব । কিয়নো প্ৰবাসী ভাৰতীয়সকল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মূল সমৰ্থক । এই ক্ষেত্ৰত ট্ৰাম্পে ভাৰতীয় মূলৰ ভোটাৰসকলৰ সমৰ্থন ব্ৰিটেইনৰ বৰিছ জনছনলৈও যোৱাটো বিচাৰিব পাৰে ।

সঞ্জীৱ কুমাৰ বৰুৱা

ABOUT THE AUTHOR

...view details