নিউজ ডেস্ক, 15 চেপ্তেম্বৰঃ বিগত 5 চেপ্তেম্বৰৰ পৰা আমেৰিকাত আৰম্ভ হৈছে ভাৰত-আমেৰিকাৰ মাজৰ যুদ্ধাভ্যাস 19ৰ 15সংখ্যক সংস্কৰণ ৷ দুয়োখন দেশৰ সেনাবাহিনীৰ মাজৰ শক্তি তথা অন্যান্য প্ৰশিক্ষণ আৰু সুৰক্ষাজনিত দিশসমূহৰ পৰস্পৰ সম্পৰ্ক দৃঢ় কৰি তুলিবলৈ বহুটো সামৰিক তথা ক্ৰীড়া অনুশীলনত অংশগ্ৰহণ কৰে দুয়োখন দেশৰ সেনাৰ দলটোৱে ৷
ৰাষ্ট্ৰসংঘৰ বিধি অনুসৰি, দুয়োখন দেশৰ মাজৰ প্ৰতিৰক্ষা সম্পৰ্ক উন্নত কৰা আৰু সন্ত্ৰাসবাদ প্ৰতিৰোধৰ বাবেই দ্বিপাক্ষিক স্তৰত অনুষ্ঠিত হৈ আহিছে এই যুদ্ধাভ্যাস ৷ 15সংখ্যক ভাৰত-আমেৰিকা সেনাৰ যুটীয়া যুদ্ধাভ্যাস 2019ত ভাৰতীয় সেনাৰ হৈ অংশগ্ৰহণ কৰিছে আছাম ৰেজিমেন্টৰ দলে ৷ ইফালে আমেৰিকান সেনাৰ হৈ অংশগ্ৰহণ কৰিছে ইয়াৰ ইনফেন্ট্ৰি বেটালিয়নৰ এটা দলে ৷