অসম

assam

ETV Bharat / bharat

ছিমলা চুক্তিৰ পাছত ইণ্ডো - পাক সম্বন্ধ, এক কালক্ৰম - SHIMLA AGREEMENT

ছিমলা চুক্তিৰ পাছত ভাৰত - পাকিস্তানৰ সম্পৰ্কৰ উত্থান - পতনৰ এক কালক্ৰম প্ৰকাশ কৰা হ'ল -

ভাৰত - পাকিস্তান সম্বন্ধ

By

Published : Sep 25, 2019, 4:11 PM IST

নিউজ ডেস্ক, 25 ছেপ্টেম্বৰ :

ভাৰত - পাকিস্তানৰ দ্বিপাক্ষিক সম্পৰ্ক
বাংলাদেশ যুদ্ধ, 1971 ৰ পাছত ৰাষ্ট্ৰসংঘই কাশ্মীৰ বিষয়ৰ পৰা কিছু নিলগত অৱস্থান কৰিলেও ভাৰত আৰু পাকিস্তানৰ সম্পৰ্ক পূৰ্বৰ দৰে তিক্ত হৈয়ে ৰ'ল ৷ ছিমলা চুক্তিৰ পাছত দুই চুবুৰীয়া পাৰমাণৱিক শক্তিৰ মাজৰ সম্পৰ্কৰ উঠা - নমাৰ এক কালক্ৰম - 1978 : ভাৰতে প্ৰথমবাৰৰ বাবে পাৰমাণৱিক বোমা বিস্ফোৰণ ঘটায় ৷ ইয়াৰ জৰিয়তে ৰাষ্ট্ৰসংঘৰ সুৰক্ষা সমিতিৰ সদস্য নোহোৱাৰ স্বত্তেও পাৰমাণৱিক বোমা বিস্ফোৰণ ঘটোৱা প্ৰথমখন ৰাষ্ট্ৰ হিচাপে পৰিণত হয় ভাৰত ৷ 1989 : 1989 চনত জম্মু - কাশ্মীৰত সশস্ত্ৰ প্ৰতিৰোধ আৰম্ভ হয় ৷ যুদ্ধত অংশগ্ৰহণকাৰীক পাকিস্তানে অস্ত্ৰ - শস্ত্ৰ প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰে ভাৰতে ৷ 1991 : 1991 চনত দুয়ো ৰাষ্ট্ৰই আকাশমাৰ্গ উলংঘন প্ৰতিৰোধ আৰু সামৰিক অনুশীলনৰ বাবে আগতীয়া জাননী প্ৰদানৰ চুক্তিত উপনীত হয় ৷ 1992 : এবছৰৰ পাছত নতুন দিল্লীত ৰাসায়নিক অস্ত্ৰ - শস্ত্ৰৰ ব্যৱহাৰ বন্ধ কৰাৰ ওপৰত দুই দেশৰ মাজত এক চুক্তি কৰা হয় ৷ 1996 : 1996 চনত কিছু সংঘাতৰ পৰিপেক্ষিতত উদ্বিগ্নতা শাম কটোৱাৰ লক্ষ্যৰে নিয়ন্ত্ৰণ ৰেখাত দুই দেশৰ সামৰিক বিষয়া মিলিত হয় ৷ 1998 : দুয়ো দেশে 1998 চনৰ মে' মাহত পাৰমাণৱিক পৰীক্ষণ কৰাৰ পাছতে আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুমোদনৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা জাৰি কৰা হয় ৷ 1999 : নৱাজ ছৰীফক লগ ধৰি শান্তি চুক্তিত স্বাক্ষৰ কৰিবৰ বাবে সেই সময়ৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে পাকিস্তানলৈ বাছ লৈ যাত্ৰা কৰে ৷ 1999 : কিন্তু মে' মাহত পাকিস্তানী সৈন্যই হিমালয়ৰ শৃংগ দখল কৰাৰ বাবে কাৰ্গিল যুদ্ধৰ আৰম্ভণি হয় ৷ ভাৰতে আকাশমাৰ্গ আৰু স্থল পথেৰে আক্ৰমণ কৰি পুনৰ সেই স্থান অধিকাৰ কৰে ৷ 2001 : দুবছৰৰ পাছত পাকিস্তানৰ সেই সময়ৰ ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে আগ্ৰাত দুদিনীয়া সন্মিলনত মিলিত হয় ৷ কিন্তু কাশ্মীৰ সম্পৰ্কত দুয়ো পক্ষই একক সিদ্ধান্ত উপনীত হ'ব নোৱাৰাত সমগ্ৰ সন্মিলন ব্যৰ্থ হয় ৷ 2001 : অক্টোবৰত বিদ্ৰোহীয়ে কাশ্মীৰৰ বিধানমনণ্ডল আক্ৰমণ কৰে আৰু 38 জনকৈ লোকৰ মৃত্যু হয় ৷ 2001 : ডিচেম্বৰ মাহত বন্দুকধাৰীয়ে ভাৰতৰ সংসদত আক্ৰমণ কৰে আৰু 14 জনকৈ লোকে মৃত্যুক সাৱটি লয় ৷ ভাৰতে লস্কৰ ই তইবা আৰু জইছ ই মহম্মদক ইয়াৰ বাবে জগৰীয়া কৰাৰ লগতে পাকিস্তানৰ পশ্চিম সীমাত সৈনিক মোতায়েন কৰে ৷2002 : 2002 চনৰ অক্টোবৰ মাহত আন্তৰাষ্ট্ৰীয় মধ্যস্থতাকাৰীৰ জৰিয়তে ইয়াৰ মীমাংসা কৰা হয় ৷ 2003 : 2003 চনৰ ছেপ্টেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ সময়তে নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত মুছাৰফৰ নিৰ্দেশত যুদ্ধবিৰতি উলংঘা কৰা হয় ৷ 2004 : ইছলামাবাদত অনুষ্ঠিত 12 সংখ্যক ছাৰ্ক সন্মিলনৰ সময়ত বাজপেয়ী আৰু মুছাৰফে মুখামুখি আলোচনাত মিলিত হয় ৷ ইয়াৰ পাছতে দুই দেশৰ চৰকাৰৰ মাজত বহুকেইখন দ্বিপাক্ষিক আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয় ৷ 2004 : নৱেম্বৰ মাহত জম্মু - কাশ্মীৰত সৈন্যবাহিনী হ্ৰাস কৰাৰ কথা ঘোষণা কৰে সেই সময়ৰ নতুন প্ৰধানমন্ত্ৰী মনমোহন সিঙে ৷ 2006 : পাকিস্তানৰ ৰাষ্ট্ৰপতি আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙে সন্ত্ৰাসবাদবিৰোধী মতত উপনীত হয় ৷ 2007 : উত্তৰ ভাৰতত সমঝৌতা এক্সপ্ৰেছত সংঘটিত বোমা বিস্ফোৰণত 68 জনকৈ লোকে মৃত্যুক সাৱটি লয় ৷ 2008 : ছয় দশকৰ পাছত ভাৰত আৰু পাকিস্তানে কাশ্মীৰৰ মাজেদি প্ৰথমবাৰৰ বাবে ব্যৱসায়িক পথ সুচল কৰে ৷ 2008 : নৱেম্বৰত মুম্বাইত বন্দুকধাৰীয়ে আক্ৰমণ কৰি 166 জন লোকৰ প্ৰাণ লয় ৷ পাকিস্তানস্থিত লস্কৰ ই তইবাক ইয়াৰ বাবে জগৰীয়া কৰে ভাৰতে ৷ 2014 : নৰেন্দ্ৰ মোডী শাসনলৈ অহাৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফক নতুন দিল্লীত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰে ৷ 2015 : মোডীয়ে নৱাজ শ্বৰীফৰ জন্মদিন আৰু তেওঁৰ নাতিনীৰ বিবাহত পাকিস্তানত উপস্থিত হয় ৷ 2016 : জুলাইত ভাৰতীয় সামৰিক বাহিনীয়ে হিজবুল মুজাহীদিনৰ নেতা বুৰহান ৱানিক হত্যা কৰে ৷ ইয়াৰ পাছতে কাশ্মীৰত ভাৰত বিৰোধী প্ৰতিবাদ আৰু আক্ৰমণ সংঘটিত হয় ৷ 2016 : সন্ত্ৰাসবাদীয়ে ভাৰতীয় সেনা ছাউনীত আক্ৰমণ কৰি 18 জনকৈ সেনাৰ প্ৰাণ লয় ৷ 2016 : 11 দিনৰ পাছত ভাৰতীয় সেনাই পাকিস্তানৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ছাৰ্জিকেল ষ্ট্ৰাইক সংঘটিত কৰে ৷ 2019 : 2019 ৰ ফ্ৰেব্ৰুৱাৰীত পুলৱামা আক্ৰমণত 40 জনকৈ ভাৰতীয় সেনাই মৃত্যুক সাৱটি লয় ৷ 2019 : জইছ ই মহম্মদে এই আক্ৰমণৰ দায়িত্ব মূৰ পাতি লয় ৷ ইয়াৰ পাছতে ভাৰতীয় সৈন্যই পাকিস্তানত প্ৰৱেশ কৰি জইছ ই মহম্মদৰ ছাউনীত আক্ৰমণ চলায় ৷ পাকিস্তানৰ জেট আহি ভাৰতীয় আকাশমাৰ্গত পদাৰ্পন কৰে ৷ 2019 : ভাৰতে জম্মু - কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 বাতিলৰ জৰিয়তে বিশেষ ৰাজ্যৰ মৰ্যাদা খৰ্ব কৰে আৰু ৰাজ্যখনক দুখনকৈ কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰে ৷ 2019 : এই সমগ্ৰ ঘটনাক আন্তৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ উদ্দেশ্যে পাকিস্তানে ৰাষ্ট্ৰসংঘৰ ওচৰ চাপে আৰু ৰাষ্ট্ৰসংঘৰ সুৰক্ষা সমিতিয়ে কাশ্মীৰ সম্পৰ্কত এক গোপন বৈঠকৰ আয়োজন কৰে ৷ 2019 : কিন্তু এই ক্ষেত্ৰত পাকিস্তানে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত মুখ ঠেকেছা খাব লগা হয় আৰু সহায় লাভ কৰিবলৈ বিশ্বৰ শক্তিশালী দেশসমূহো অস্বীকাৰ কৰে ৷

ABOUT THE AUTHOR

...view details