নিউজ ডেস্ক, 16 জুন : লাডাখত চীনা সৈন্যৰ সৈতে হোৱা সংঘৰ্ষত ভাৰতীয় সেনাৰ এগৰাকী কৰ্ণেলসহ শ্বহীদ হয় প্ৰায় 20গৰাকী সৈনিক ৷ ইয়াৰ পূৰ্বেও দুয়োখন দেশৰ মাজত যুদ্ধকেন্দ্ৰিক পৰিস্থিতিৰ উদ্ভৱ হৈছিল যদিও এইবাৰৰ পৰিস্থিতি অধিক ভয়াৱহ দেখা গৈছে ৷ ইয়াৰ মাজতেই 1962-2020লৈ ভাৰত-চীন সৈন্যৰ মাজত হোৱা সংঘৰ্ষলানিৰ এক চমু বিৱৰণ আগবঢ়োৱা হ'ল ৷
লগতে পঢ়কঃভাৰত-চীন সীমান্তত শ্বহীদ প্ৰায় 20 গৰাকী ভাৰতীয় সেনা
1962 : 62চনত ভাৰতে কল্পনাই কৰিব পৰা নাছিল যে চীনে আক্ৰমণ কৰিব ৷ কিন্তু চীনে তাকেই কৰিছিল আৰু 1962ৰ 20 অক্টোৱৰত ভাৰত আক্ৰমণ কৰিছিল চীনে ৷ কোনো প্ৰস্তুতি নোহোৱাকৈ প্ৰায় 20-30 হাজাৰ সৈন্যৰ সৈতে ভাৰতে চীনৰ 80 হাজাৰ সৈন্যৰ মুখামুখি হৈছিল ৷ প্ৰায় একমাহ ধৰি চলা যুদ্ধৰ অন্তত চীনে 21 নৱেম্বৰত যুদ্ধবিৰতি ঘোষণা কৰিছিল ৷
1967 : ভাৰতে 1962ত পৰাজয়বৰণ কৰাৰ পাঁচ বছৰ পাচত, সেই সময়ৰ বিৱৰণী অনুসৰি ভাৰতীয় সেনাই চীনক ৰঙা চকু দেখুৱাইছিল৷ 80 জনতকৈও অধিক ভাৰতীয় সৈন্য শ্বহীদ হোৱাৰ বিপৰীতে আনুমানিক 300 ৰ পৰা 400 চীনা সৈন্যৰো মৃত্যু হৈছিল ৷
লগতে পঢ়কঃজেনেভা চুক্তি উলংঘন:উইং কমাণ্ডাৰ প্ৰফুল্ল বক্সী
1967 : ছিক্কিমত ভাৰতীয় সেনাৰ উপস্থিতি সহ্য হোৱা নাছিল চীনৰ ৷ ইয়াক লৈ দুয়োখন দেশৰ মাজতে উত্তেজনাই দেখা দিছিল ৷ সেই সময়ত চেবু-লাত নিযুক্ত হৈ থকা ভাৰতীয় সেনাৰ বিষয়া মেজৰ জেনেৰেল শেৰু থাপনিঅনে এই ঘটনাৰ স্মৃতি সোঁৱৰি কয় যে, পিপল্চ লিবাৰেশ্যন আৰ্মিয়ে দখল কৰি থকা ভূমি কেতিয়াও এৰি দিব বিচৰা নাছিল ৷ বিতৰ্কিত ভূমিক নিজৰ বুলি দাবী কৰাৰ লগতে শত্ৰু দেশৰ কোনো ঠাই যদি বিতৰ্কিত ভূমিৰ মাজত আহি পৰে তেতিয়া বিপক্ষক তাক লৈয়ো হুংকাৰ প্ৰদান কৰাটো আছিল চীনৰ ৰণকৌশল ৷
1987 : ভাৰতীয় সেনা আৰু চীনৰ পিপল্চ লিবাৰেশ্যন আৰ্মিৰ মাজত 1987 চনত অৰুণাচলৰ চুমড্ৰং চুত হোৱা মুখামুখিয়ে দুয়োখন দেশৰ মাজত এক প্ৰকাৰ যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিছিল ৷ কিন্তু অতি সতৰ্কতাৰে ভাৰতীয় কূটনৈতিক বিভাগে চীনক আলোচনাৰ মেজলৈ আনিবলৈ সক্ষম হৈছিল ৷ 1987ৰ এই ঘটনাৰ প্ৰভাৱতেই 1988 চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীয়ে চীন ভ্ৰমণ কৰাৰ লগতে চীনা নেতৃত্বৰ সৈতে আলোচনাত মিলিত হৈছিল ৷
2013 : এপ্ৰিল মাহত নিয়ন্ত্ৰণৰেখাৰ নিচেই কাষত চীনা সৈন্যই চাউনী স্থাপন কৰিছিল ৷ লাডাখৰ দৌলত বেগ অল্ডিৰ পৰা 10 কিলোমিটাৰ দুৰত্বত চীনা সৈন্যই চাউনী স্থাপন কৰাৰ লগতে পৰৱৰ্তী সময়ত 19 কিলোমিটাৰ লৈকে আগবাঢ়ি আহিছিল ৷ উক্ত চাউনীলৈ সামগ্ৰী কঢ়িয়াই অনা চীনা হেলিকপ্টাৰ ভাৰতীয় আকাশীসীমাৰ ভিতৰত প্ৰৱেশ কৰিছিল যদিও চীনে ইয়াক নাকচ কৰিছিল ৷ পৰৱৰ্তী সময়ত চীনে সেই স্থানৰ পৰা আঁতৰি গৈছিল ৷
লগতে পঢ়কঃজৈবাঞ্চ সিঙৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ...
2014 : ছেপ্টেম্বৰ মাহত নিয়ন্ত্ৰণৰেখাৰ সমীপৰ ডেমচকত এক নিৰ্মাণকাৰ্যক লৈ চীনা সৈন্যৰ সহযোগত চীনা নাগৰিকৰ প্ৰতিবাদ প্ৰদৰ্শন ৷ এই প্ৰতিবাদৰ মাজতে চীনে ভাৰতীয় সীমাৰ তিনি কিলোমিটাৰ পৰ্যন্ত আগবাঢ়ি আহি চাউনী স্থাপন কৰিছিল যদিও প্ৰায় তিনি সপ্তাহৰ ভিতৰত সেই স্থানৰ পৰা আঁতৰি যায় ৷