অসম

assam

ETV Bharat / bharat

ভাৰত-চীন সীমা বিবাদ: অনুষ্ঠিত 22 সংখ্যক বৈঠক - আগ্ৰাত অনুষ্ঠিত বৈঠক

বিগত 16 বছৰে সীমা বিবাদ সন্দৰ্ভত ভাৰত আৰু চীনৰ মাজত হৈ থকা উচ্চস্তৰীয় আলোচনাৰ কোনো সুফল পোৱা নাই যদিও বৰ্তমানেও আশা সম্পূৰ্ণৰূপে এৰি দিয়া নাই দুয়োখন ৰাষ্ট্ৰই ৷ এই বিষয়টো আলোচনাৰ 22 সংখ্যক বৈঠকখন 21 ডিচেম্বৰত আগ্ৰাত অনুষ্ঠিত হ'ব ৷ সীমা বিবাদ সমস্যাটো সমাধানৰ উদ্দেশ্যে ভাৰতৰ সুৰক্ষা উপদেষ্টা অজিত দোভাল আৰু চীনৰ বৈদেশিক মন্ত্ৰী তথা ষ্টেট কাউন্সিলৰ ৱাং ইৰ মাজত অনুষ্ঠিত হ'বলগা এই বৈঠকখন সফল হ'ব বুলি আশা কৰিব পাৰি ৷

ভাৰত-চীন সীমা বিবাদ: অনুষ্ঠিত 22 সংখ্যক বৈঠক
ভাৰত-চীন সীমা বিবাদ: অনুষ্ঠিত 22 সংখ্যক বৈঠক

By

Published : Dec 20, 2019, 5:01 PM IST

নিউজ ডেস্ক, 20 ডিচেম্বৰ: বিগত 16 বছৰে সীমা বিবাদ সন্দৰ্ভত ভাৰত আৰু চীনৰ মাজত হৈ থকা উচ্চস্তৰীয় আলোচনাৰ কোনো সুফল পোৱা নাই যদিও বৰ্তমানেও আশা সম্পূৰ্ণৰূপে এৰি দিয়া নাই দুয়োখন ৰাষ্ট্ৰই ৷ এই বিষয়টো আলোচনাৰ 22 সংখ্যক বৈঠকখন 21 ডিচেম্বৰত আগ্ৰাত অনুষ্ঠিত হ'ব ৷ সীমা বিবাদ সমস্যাটো সমাধানৰ উদ্দেশ্যে ভাৰতৰ সুৰক্ষা উপদেষ্টা অজিত দোভালআৰু চীনৰ বৈদেশিক মন্ত্ৰী তথা ষ্টেট কাউন্সিলৰ ৱাং ইৰ মাজত অনুষ্ঠিত হ'বলগা এই বৈঠকখন সফল হ'ব বুলি আশা কৰিব পাৰি ৷ বিগত দুয়োখন ৰাষ্ট্ৰৰ মাজত অনুষ্ঠিত হৈ যোৱা 21 খন বৈঠকৰ পৰা অনুমান কৰিব পাৰি যে এই সমস্যাটোৰ সমাধান বিচাৰি উলিওৱাটো ইমান সহজ নহয় ৷ এই বিবাদটো সমাধানৰ উদ্দেশ্যে বিশেষ প্ৰতিনিধিৰ বৈঠক হোৱাটো জৰুৰী ৷ 2003 চনত অটল বিহাৰী বাজপেয়ী আৰু হু জীনটাওৰ মাজৰ বৈঠকখনত এই বুলি সিদ্ধান্ত লোৱা হৈছিল ৷ এইখন বৈঠকতে বিবাদটো সমাধানৰ উদ্দেশ্যে কি কি জৰুৰী পদক্ষেপ হাতত লোৱা হ'ব এই বিষয়টোৰ সন্দৰ্ভটো আলোচনা কৰা হৈছিল ৷ আনহাতে 2005 চনত ডঃ মনমোহন সিং আৰু ৱেন জিয়াবাওৰ মাজত হোৱা আলোচনাত ভৌগলিক বৈশিষ্ট্য আৰু জনসংখ্যা নিষ্পত্তিৰ দ্বাৰা এই সীমা বিবাদ সমাধানৰ চেষ্টা কৰা হৈছিল ৷ শীঘ্ৰে দুয়োখন দেশৰ মাজত প্ৰকত সীমাৰেখা নিৰ্ধাৰণ কৰাৰ উদ্দেশ্যে এখন চুক্তি স্বাক্ষৰিত হৈছিল,কিন্তু সেই চুক্তিখনত অটল নাথাকিল চীন৷ দুয়োখন দেশৰ মাজত প্ৰকৃত সীমাৰেখা নিৰ্ধাৰিত নোহোৱাৰ বাবেই সীমান্তত ৰাষ্ট্ৰ দুখনৰ সেনা-বাহিনী বহুবাৰ মুখামুখি হ'ব লগীয়াও হৈছিল ৷

ভাৰত-চীন সীমা বিবাদ: অনুষ্ঠিত 22 সংখ্যক বৈঠক

1962 চনত হোৱা চীনা যুদ্ধত অক্ষয় চীনৰ মুঠ 34 বৰ্গ কিলোমিটাৰ ভূমি চীনে বলপূৰ্বকভাৱে কাঢ়ি লয় চীনে,যিখিনি ভূমি ভাৰত সীমাৰ অন্তৰ্গত বুলি দাবী কৰে ভাৰেত ৷ আনহাতে সমগ্ৰ অৰুণাচল প্ৰদেশখনো নামনি তিব্বত বুলি দাবী জনায় চীনে ৷ ব্ৰিটিচ শাসনৰ সময়ছোৱাত এই অঞ্চলসমূহৰ স্থানীয় শাসকসকলৰ দ্বাৰা স্থাপিত সন্ধিসমূহক চীনে অস্বীকাৰ কৰে ৷ বিশ্বৰ মুঠ 14 খন দেশৰ লগত চীনৰ সীমা সংযুক্ত হৈ আছে ৷ আৰু ইয়াৰ প্ৰায়বোৰ ৰাষ্ট্ৰৰ লগতেই চীনৰ সীমা বিবাদ ৷ সীমা বিবাদ সন্দৰ্ভত ছোভিয়েট ইউনিয়ন আৰু ভিয়েতনামৰ লগতো যুদ্ধত লিপ্ত হৈছিল চীন ৷ ভাৰত আৰু ভূটানৰ বাহিৰে আৰ্থিক আৰু সামৰিক ক্ষেত্ৰত শক্তিশালী হোৱাৰ বাবেই বেছিভাগ ৰাষ্ট্ৰৰ লগত চীনে নিজৰ সীমা বিবাদ সমাধান কৰিবলৈ সক্ষম হৈছে ৷ নিঃসন্দেহে চীনক লাভান্বিত কৰাৰ চৰ্ততেই এই সকলো সীমা চুক্তি কৰা হৈছিল ৷ পাকিস্তানেও পাক-অধিকৃত জম্মু-কাশ্মীৰৰ এক বৃহৎ এলেকাৰ অধিকাৰ চীনক দিছে ৷ চীনৰ অৰ্থনীতি ভাৰততকৈ 5 গুণ বৃহৎ যদিও নিজৰ সীমা সুৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ বুজাবুজি কৰিবলৈ সাজু নাই ভাৰত ৷ ডোকলামত ভূটানৰ পক্ষে ভাৰতে সৈনিক হস্তক্ষেপ কৰোতেও চীনে যুদ্ধৰ ভাবুকি দিছিল ভাৰতক ৷ বৰ্তমান চীনে হয়তো এই কথাষাৰ অনুভৱ কৰিছে যে আৰ্থিক আৰু সামৰিক শক্তি দেখুৱাই সীমা সুৰক্ষা সন্দৰ্ভত ভাৰতক নিজৰ অধীনত অনাটো চীনৰ পক্ষে সম্ভৱপৰ নহ'ব ৷

গুৰুত্বপূৰ্ণ বিষয় যে সীমা বিবাদৰ স্বত্বেও সীমান্তত বিগত 57 বছৰে এটাও গুলীবৰ্ষণৰ ঘটনা সংঘটিত হোৱা নাই ভাৰত আৰু চীনা সেনা বাহিনীৰ মাজত ৷ কিন্তু আনহাতে সীমান্তৰ সকলোবোৰ বিবাদ সামাধান হ'ল যদিও প্ৰত্যেক দিনাই সীমান্তত যুদ্ধ বিৰতি উলংঘণ কৰা পৰিলক্ষিত হয় পাকিস্তানে ৷ ইয়াৰ পৰাই বুজিব পাৰি যে দুয়োখন ৰাষ্ট্ৰই ইয়াৰ সীমা বিবাদ সমস্যাটো শান্তি আৰু বুজাবুজিৰ মাজেৰে সামাধা কৰিব বিচাৰিছে ৷ এই সীমা বিবাদে দুয়োখন ৰাষ্ট্ৰৰ বাণিজ্যিক সম্বন্ধত কোনো ধৰণৰ প্ৰভাৱ পেলোৱা নাই ৷ শান্ত-সম্প্ৰীতি আৰু বাৰ্তালপৰ মাজেৰে এই বিবাদ সমাধা কৰিব দুয়োখন দেশে আৰু দীঘলীয়া হ'ব এই প্ৰক্ৰিয়া ৷

বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইটো আশা কৰা ভুল হ'ব যে ভাৰত আৰু চীনৰ মাজৰ এই সীমা বিবাদ শীঘ্ৰে সমাধা হ'ব ৷ ভাৰতে এই সীমা বিবাদ অতিশীঘ্ৰে সমাধা হোৱাটো বিচাৰিছে যাতে সীমান্তত দুয়োখন দেশৰ সেনা বাহিনী মুখামুখি হ'বলগা নহয় ৷ ডোকলাম কাণ্ডৰ নিচিনা ঘটনাই দুয়োখন ৰাষ্ট্ৰৰ জনতাৰ মাজত চিন্তা বৃদ্ধি কৰিছে আৰু লগতে শান্তি প্ৰক্ৰিয়াৰ ওপৰতো ঋণাত্মক প্ৰভাৱ পেলাইছে ৷ কালি আগ্ৰাত অজিত দোভাল আৰু য়াং লিৰ মাজত অনুষ্ঠিত হ'ব লগা আলোচনাত যে কোনো সিদ্ধান্ত গ্ৰহণ কৰা হ'ব সেইটো আশা কৰাটো ভুল হ'ব ৷ বিগত কেইমাহ মান ধৰি জম্মু-কাশ্মীৰ বিষয়টোৰ বাবে এই সীমা বিবাদ বিষয়টোৰ আলোচনা পিছুৱাই ৰথা হৈছিল ৷ যদি দুয়োখন দেশৰ মাজৰ এই সীমা বিবাদ সমাধা হয়,তেতিয়া ৰাষ্ট্ৰ দুখনৰ মাজৰ সম্পৰ্ক আৰু সুদৃঢ় হব৷

আমেৰিকাৰ সৈতে বিগত বহু মাহ ধৰি হৈ থকা বাণিজ্যিক যুদ্ধৰ বাবেই চীন আৰ্থিকভাৱে দুৰ্বল হৈ পৰিছে ৷ চীনত বহুতো আমেৰিকাৰ ব্যৱসায়ীয়ে নিজৰ ব্যৱসায় সমূহ বন্ধ কৰি দিয়াও পৰিলক্ষিত হৈছে ৷ বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰত চীনে ভাৰতক বহু শক্তিশালী প্ৰতিযোগী হিচাপে মানে ৷ বৰ্তমান ভাৰতৰ লগত হোৱা বাণিজ্যিক ভাৰসাম্যহীনতাক ৰোধিবলৈ চীনে কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে ৷ ভাৰত আৰু চীনৰ মাজত অৰ্থনৈতিক সম্বন্ধ শক্তিশালী হ'লে ই সীমা বিবাদ সামাধানতো সহায় কৰিব ৷

যেতিয়ালৈ এই সীমা বিবাদ সমাধা নহয়,সীমান্তত সেনা বাহিনীৰ মাজত সংঘৰ্ষৰো অন্ত নপৰে ৷ এই সংঘৰ্ষ সমূহৰ অন্ত পেলাবলৈ দুয়োখন ৰাষ্ট্ৰই চেষ্টা কৰিব লাগিব ৷ শান্তি-সম্প্ৰীতি আৰু আলোচনাৰ মাজেৰেই ভাৰত আৰু চীনে এই সীমা বিবাদ সামাধানৰ চেষ্টা অব্যাহত ৰাখিব লাগিব ৷

ABOUT THE AUTHOR

...view details