অসম

assam

By

Published : Jan 13, 2021, 8:56 AM IST

ETV Bharat / bharat

পাটনাৰ ইণ্ডিগ’ বিমানবন্দৰৰ মেনেজাৰক গুলিয়াই হত্যা

বিমানবন্দৰ পৰা কৰ্তব্য সম্পাদান কৰি ঘৰলৈ আহি থকাৰ অৱস্থাতে ইণ্ডিগ’ৰ মেনেজাৰ ৰোপেশ সিঙক অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰে বুলি বিমান বন্দৰ কৰ্তৃপক্ষই উল্লেখ কৰিছে ৷

পাটনাৰ ইণ্ডিগ’ বিমানবন্দৰৰ মেনেজাৰক অচিনাক্ত দুৰ্বৃত্তৰ গুলিয়াই হত্যা
পাটনাৰ ইণ্ডিগ’ বিমানবন্দৰৰ মেনেজাৰক অচিনাক্ত দুৰ্বৃত্তৰ গুলিয়াই হত্যা

নিউজ ডেস্ক,13 জানুৱাৰী : মঙলবাৰে পাটনাৰ ইণ্ডিগ’ বিমানবন্দৰৰ মেনেজাৰক নিশা কোনো অচিনাক্ত বন্ধুকধাৰী দুৰ্বৃত্তই তেওঁৰ ঘৰৰ সন্মুখতে গুলিয়াই হত্যা কৰে বুলি বিমান বন্দৰৰ কৰ্তৃপক্ষই সদৰি কৰিছে ৷ উল্লেখযোগ্য যে, বিমানবন্দৰ পৰা কৰ্তব্য সম্পাদান কৰি ঘৰলৈ আহি থকাৰ অৱস্থাতে ৰোপেশ সিঙক অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰে ৷

ইপিনে ঘটনাতো সংঘটিত হোৱাৰ পিছতে বিনানবন্দৰ কৰ্তৃপক্ষই উল্লেখ কৰিছে যে, আমি তেওঁৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰি আছো , তেওঁৰ আত্মাৰ সৎগতি কামনা কৰাৰ লগতে পৰিয়ালটোক সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰিছো ৷ একেদৰে তদন্ত প্ৰক্ৰিয়াত আৰক্ষীৰ সৈতে সম্পূৰ্ণ সহায় সহযোগিতা প্ৰদানৰো প্ৰতিশ্ৰুতি দিছে ইণ্ডিগ’ বিমানবন্দৰ কৰ্তৃপক্ষই ৷

লগতে পঢ়কঃ বগাহাতীত পৰিণত গুৱাহাটীত ৪৫০ কোটি টকীয়া চিচিটিভি কেমেৰা সংস্থাপন আঁচনি

ABOUT THE AUTHOR

...view details