নিউজ ডেস্ক, 3 অক্টোবৰ :দহ বছৰীয়া দীৰ্ঘ সময়ৰ কঠোৰ পৰিশ্ৰমৰ অন্তত দেশৰ আভিযান্ত্ৰিকীৰ অতুলনীয় উদাহৰণ দাঙি ধৰা ৰোহটাং অটল সুৰংগটো মুকলিৰ দিশে আগবাঢ়িছে ৷ বিশ্বৰ ভিতৰতে আটাইতকৈ দীঘল সুৰংগটো আজি মুকলি কৰা হ'ব ৷ 160 বছৰীয়া এটা সপোনে সাকাৰ ৰূপ লোৱাৰ লগতে মানালীৰ পৰা লেহ সংযোগী সুৰংগটো মুকলি হ'লেই লাডাখৰ সৈতে যোগাযোগ ব্যৱস্থা অধিক উন্নত হৈ পৰিব ৷
লগতে পঢ়ক :একেসময়তে দুটাকৈ শক্তিক প্ৰতিহত কৰিবলৈ সাজু ভাৰতীয় বায়ুসেনা
প্ৰায় 10 বছৰৰ নিৰ্মাণকাৰ্যৰ অন্তত অটল টানেলৰ নিৰ্মাণ সম্পূৰ্ণ হয় ৷ প্ৰথমে ইয়াক 6 বছৰৰ ভিতৰত সম্পূৰ্ণ কৰি তোলাৰ লক্ষ্য লোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত ব্যয়বহুল প্ৰকল্পটোৰ বাবে 4 বছৰ আৰু অধিক সময় প্ৰদান কৰা হয় ৷ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জননেতা অটল বিহাৰী বাজপেয়ীৰ নামেৰে নামাংকণ কৰা এইটো সুৰংগ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিব ৷ বিগত বৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অটল বিহাৰী বাজপেয়ীৰ 95 সংখ্যক জন্মজয়ন্তীত এইটো সুৰংগৰ নামাংকণ অটল বিহাৰী বাজপেয়ীৰ নামত কৰিছিল ৷ হিমাচল প্ৰদেশৰ ৰোহটাং স্থিত এইটো সুৰংগক তেতিয়াৰে পৰাই অটল টানেল হিচাপে জনাজাত হৈ পৰে ৷
এইটো প্ৰকল্পৰ সম্পূৰ্ণ সজ্জা প্ৰস্তুত কৰিছিল অষ্ট্ৰেলিয়াৰ Snowy Mountain Engineering Company নামৰ প্ৰতিষ্ঠানটোৱে ৷ 1860 চনত Moravian Missionএ ৰোহটাংত এইটো সুৰংগ স্থাপন কৰাৰ বিষয়ে উত্থাপন কৰিছিল ৷ এইটো হৈছে বিশ্বৰ আটাইতকৈ দীঘলীয়া সুৰংগ যি 10,000 ফুটৰো অধিক দীঘল আৰু ইয়াক সাগৰপৃষ্ঠৰ পৰা 3,000 মিটাৰ উচ্চতাত প্ৰায় 32,00 কোটি টকা খৰচেৰে নিৰ্মাণ কৰা হৈছে ৷
10,000 ফুটৰো অধিক দীঘল অটল টানেলে মানালী আৰু লেহৰ মাজৰ দুৰত্ব 46 কিলোমিটাৰ কমাই আনিব ৷ বিশ্বৰ ভিতৰতে এইটো ৰাষ্ট্ৰীয় ঘাইপথত থকা আটাইতকৈ দীঘল সুৰংগ আৰু ইয়াক প্ৰতি 60 মিটাৰৰ দুৰত্বত চিচিটিভি কেমেৰাৰে সংযুক্ত কৰি তোলা হৈছে ৷ কেৱল এয়াই নহয়, সুৰংগটোৰ প্ৰতি 500 মিটাৰ দুৰত্বত জৰুৰীকালীন প্ৰস্থানৰ ব্যৱস্থাও ৰখা হৈছে ৷ এইটো সুৰংগৰ বাবে মানালীৰ পৰা লেহলৈ ভ্ৰমণ দুৰত্ব 4 ঘন্টালৈ হ্ৰাস পাব ৷ 10.5 মিটাৰ ব্যাসাৰ্ধৰ সুৰংগটোৰ দুয়োটা পৃষ্ঠতে 1 মিটাৰৰ সুৰক্ষা বাধাৰে ঢাকি দিয়া হৈছে ৷ ইয়াৰ উপৰিও যিকোনো ধৰণৰ পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ ভিতৰত অগ্নিনিৰ্বাপনৰো ব্যৱস্থা কৰা হৈছে ৷ ইয়াৰ নিৰ্মাণত নিৰ্মাণকাৰীসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল ৷ ৰোহটাং ফালে উত্তৰ সীমান্তত ইয়াৰ নিৰ্মাণ কাৰ্য বছৰৰ মাত্ৰ 5 মাহতহে সম্ভৱ আছিল ৷ অটল টানেলৰ সম্পূৰ্ণ প্ৰকল্পটোৰ বাবে 2010 চনত 17,00 কোটি ধাৰ্য্য কৰা হৈছিল আৰু 2020ৰ ছেপ্টেম্বৰলৈ ইয়াৰ নিৰ্মাণ ব্যয় 32,00 কোটিলৈ বৃদ্ধি হয় ৷