নিউজ ডেস্ক, 20 জুলাই :মহামাৰী ক'ৰণা ভাইৰাছৰ বাবে স্তব্ধ হৈছে দেশৰ অৰ্থ ব্যৱস্থা ৷ দেশৰ অৰ্থনীতিৰ লগতে ঘৰুৱা উৎপাদন হ্ৰাস কৰিছে মহামাৰী ভাইৰাছবিধে ৷
সোমবাৰে ভাৰতীয় ষ্টেট বেংকে প্ৰকাশ কৰা এক তথ্য অনুসৰি,সৰ্বমুঠ ভাৰতৰ ঋণ170লাখ কোটি টকা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷ যি ঋণ সৰ্বমুঠ ঘৰুৱা উৎপাদনৰ 87.6 শতাংশ ৷
লগতে,ৰিপ'ৰ্টত কোৱা হৈছে যে,2023 বিত্তীয় বৰ্ষৰ আগতে এই ঋণৰ সংখ্যা 60 শতাংশ হ্ৰাস কৰাৰ পৰিকল্পনা কৰা হৈছে আৰু আগন্তক 2030 বিত্তীয় বৰ্ষৰ আগতে সফলতা প্ৰাপ্ত কৰাৰ পৰিকল্পনা কৰা হৈছে ৷
উল্লেখ্য যে,বিত্ত বৰ্ষ 2019-20 বৰ্ষত ভাৰতৰ ঋণ 146.9 লাখ কোটি টকা আছিল ৷ যি ঋণৰ হাৰ ঘৰুৱা উৎপাদনৰ 72.2 শতাংশ আছিল ৷ লগতে,বিত্ত বৰ্ষ 2012ৰ তুলনাত এই ঋণৰ হাৰ 58.8 লাখ কোটি টকা বৃদ্ধি হৈছিল ৷
লগতে পঢ়ক : মাৰণাস্ত্ৰসহ আৰক্ষীৰ জালত দুই দুধর্ষ ডকাইত