অসম

assam

ETV Bharat / bharat

দায়িত্ব ল'লে দেশৰ প্ৰথমগৰাকী দৃষ্টিহীন IAS অফিচাৰে - থিৰুৱন্তপুৰমৰ Sub collector

2017 বৰ্ষৰ সৰ্বভাৰতীয় অসামৰিক সেৱা পৰীক্ষাত দেশৰ ভিতৰতে 124 স্থান দখল কৰিবলৈ সক্ষম হৈছিল এইগৰাকী বিষয়াই ৷

IAS বিষয়া প্ৰাঞ্জল পাটিল

By

Published : Oct 14, 2019, 7:47 PM IST

Updated : Oct 14, 2019, 11:05 PM IST

নিউজ ডেস্ক, 14 অক্টোবৰঃ দেশৰ প্ৰথমগৰাকী অন্ধ IAS বিষয়া হিচাপে সোমবাৰে ইতিহাস ৰচনা কৰে প্ৰাঞ্জল পাটিলে ৷ কেৰালাৰ থিৰুৱন্তপুৰমৰ 'চাব কালেক্টৰ' হিচাপে সোমবাৰে আনুষ্ঠানিক দায়িত্বভাৰ গ্ৰহণ কৰে বিষয়াগৰাকীয়ে ৷ বিষয়াগৰাকীক কাৰ্যালয়টোৰ কৰ্মচাৰীসকলে উষ্ম আদৰণি প্ৰদান কৰে ৷

IAS বিষয়া প্ৰাঞ্জল পাটিল

2017 বৰ্ষৰ সৰ্বভাৰতীয় অসামৰিক সেৱা পৰীক্ষাত দেশৰ ভিতৰতে 124 স্থান দখল কৰিবলৈ সক্ষম হৈছিল এইগৰাকী বিষয়াই ৷ কেৰালাৰ এৰানাকুলাম জিলাৰ সহকাৰী কালেক্টৰ হিচাপে প্ৰথমে 2018 বৰ্ষত সেৱাত নিয়োজিত হৈছিল বিষয়াগৰাকী ৷

বিষয়াগৰাকীয়ে জন্মৰ ছবছৰতে চকুৰ দৃষ্টিশক্তি হেৰুৱাইছিল ৷ IASৰ দৰে পৰীক্ষা দ্বিতীয়টো প্ৰচেষ্টাত উত্তীৰ্ণ হৈছিল প্ৰাঞ্জল পাটিলে ৷ বিষয়াগৰাকীয়ে কাৰ্যালয়ত যোগদান কৰাৰ সময়ত সেইস্থানত উপস্থিত থাকে কেৰালাৰ সামাজিক ন্যায় বিভাগৰ বিশেষ সচিব বিজু প্ৰভাকৰ আৰু ট্ৰিবান্দ্ৰম জিলাৰ কালেক্টৰ কে. গোপালকৃষ্ণন ৷

Last Updated : Oct 14, 2019, 11:05 PM IST

ABOUT THE AUTHOR

...view details