অসম

assam

ETV Bharat / bharat

প্ৰথমবাৰৰ বাবে দেশত পানীৰ তলেৰে চলিব মেট্ৰ' ৰে'ল

দেশত প্ৰথমবাৰৰ বাবে নদীৰ তলেৰে চলিব মেট্ৰ' ৰেল। কলকাতাৰ হুগলী নদীৰ তলেৰে পাৰ হ'ব মেট্ৰ' ৰেল

By

Published : Aug 9, 2019, 7:40 PM IST

Updated : Aug 9, 2019, 7:56 PM IST

শীঘ্ৰেই দেশত পানীৰ তলেৰে চলিব মেট্ৰ' ৰে'ল

নিউজ ডেস্ক, 9 আগষ্ট: আধুনিক তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰখনত এখোজ আগবাঢ়িল ভাৰত ৷ কলকাতাত স্থাপন হ'ল ভাৰতৰ প্ৰথমখন পানীৰ তলেৰে যোৱা মেট্ৰ' ৰে'ল৷ ইতিমধ্যে নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিছে ৰে'লখনৰ ৷ অতি শীঘ্ৰে জনসাধাৰণৰ বাবে মুকলি হব ৰে'লখন ৷ কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী পিয়ুষ গোৱেলে টুইটাৰ যোগে প্ৰকাশ কৰে এই কথা ৷ হুবলী নদীৰ তলেৰে চলাচল কৰিব এই মেট্ৰ' ৰে'লখন৷ অতি উন্নত প্ৰযুক্তিৰে নিৰ্মাণ কৰি উলিওৱা হৈছে এই ৰে'লখন ৷ কলকাতাৰ জনসাধাৰণৰ বাবে এইটো এটা অতি গৰ্বৰ বিষয় বুলি টুইটাৰ যোগে প্ৰকাশ কৰে পিয়ুষ গোৱেলে৷

মুঠ 16 কিলোমিটাৰ দৈৰ্ঘৰ এই মেট্ৰ' ৰে'লখনে হাওৰা মৈদানক ছল্ট ছেক্টৰ 5 ৰ লগত সংযোগ কৰিব ৷ ৰে'লখনৰ প্ৰথম পৰ্যায়ৰ অংশটো যিটোৱে ছল্ট লেক ছেক্টৰ 5 ক ছল্ট লেক ষ্টেডিয়ামৰ লগত সংযোগ কৰিব সেয়া ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে আৰু অতি শীঘ্ৰেই জনসাধাৰণৰ বাবে মুকলি কৰা হ'ব এই মেট্ৰ' ৰে'লখন৷

Last Updated : Aug 9, 2019, 7:56 PM IST

ABOUT THE AUTHOR

...view details