অসম

assam

By

Published : Oct 27, 2020, 1:10 PM IST

ETV Bharat / bharat

আহমেদাবাদ পালেহি দেশৰ প্ৰথমখন ছী-প্লেন

দেশৰ প্ৰথমখন ছী-প্লেন আনুষ্ঠানিকভাৱে 31 অক্টোবৰত উদ্বোধন কৰা হ'ব ৷ ইতিমধ্যে এই বিশেষ উৰাজাহাজখন আহমেদাবাদত উপস্থিত হৈছে ৷

আহমেদাবাদ পালেহি দেশৰ প্ৰথমখন ছী-প্লেন
আহমেদাবাদ পালেহি দেশৰ প্ৰথমখন ছী-প্লেন

নিউজ ডেস্ক, 27 অক্টোবৰ : দুগৰাকীকৈ বিদেশী বৈমানিকক লৈ দেওবাৰে মালদ্বীপৰ মালেৰ পৰা উৰা দেশৰ প্ৰথমখন ছী-প্লেন সোমবাৰে আহমেদাবাদত অৱতৰণ কৰে ৷ কেভাড়িয়া হৈ আহমেদাবাদত উপস্থিত হয় এই বিশেষ সাগৰীয় উৰাজাহাজখন ৷

দেশৰ প্ৰথমখন বাণিজ্যিক সাগৰীয় উৰাজাহাজে অহা 31 অক্টোবৰৰ পৰা নিজৰ সেৱা প্ৰদান কৰিব ৷ কেন্দ্ৰীয় চৰকাৰৰ উড়ান আঁচনিৰ অধীনত এই উৰাজাহাজখনে কাৰ্য সম্পাদন কৰিব ৷ গুজৰাটৰ সবৰমতী নদীৰ পৰা ষ্টেচু অৱ ইউনিটীলৈ সেৱা আগবঢ়াৱ এইখন ছী-প্লেনে ৷

প্ৰতিৰক্ষা বিভাগে প্ৰকাশ কৰা বিজ্ঞপ্তি অনুসৰি, স্পাইচজেটৰ অধীনৰ Twin Otter 300 সাগৰীয় উৰাজাহাজখন স্পাইচজেট টেকনিকৰ নামত পঞ্জীয়ন কৰা আছে ৷ উৰাজাহাজখনে আহমেদাবাদৰ পৰা কেভাড়িয়ালৈ প্ৰতিদিনে 8 বাৰকৈ প্ৰতিবাৰত 45 মিনিটৰ উৰণ সম্পন্ন কৰিব ৷ দুগৰাকী বিদেশী বৈমানিকে আগন্তুক 6 মাহৰ বাবে ভাৰতীয় বৈমানিকসকলক ইয়াত প্ৰশিক্ষণো প্ৰদান কৰিব ৷

উৰাজাহাজখনত এবাৰত মুঠ 19 গৰাকী লোক যাব পাৰিব যদিও কোভিডৰ বাবে এতিয়া 14 গৰাকী ব্যক্তিৰ অনুমতি থাকিব আৰু বাকী 5 গৰাকী উৰাজাহাজখনৰ সদস্য থাকিব ৷ যাত্ৰাৰ বাবে যাত্ৰীসকলে এবাৰত 4,800 টকা খৰচ কৰিব লাগিব ৷

31 অক্টোবৰত লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইয়াক উদ্বোধন কৰিব আৰু প্ৰথমটো চৰকাৰী উৰণ কেভাড়িয়াৰ পৰা আহমেদাবাদস্থিত সবৰমতী নদীলৈ সম্পন্ন কৰিব ৷

লগতে পঢ়ক :মালদ্বীপৰ পৰা উৰণ আৰম্ভ কৰা ছী-প্লেনৰ কোচিত অৱতৰণ

ABOUT THE AUTHOR

...view details