নেশ্যনেল ডেস্ক, ২৭ জানুৱাৰী: ভাৰতৰ কেইবাগৰাকীও স্বাধীনতা সংগ্ৰামী কাৰাৰুদ্ধ হৈ থকা সময়ৰ স্মৃতি সজীৱ হৈ থকা পুণেস্থিত য়েৰৱাড়া কাৰাগাৰ পৰিদৰ্শন কৰিব পাৰিব পৰ্যটকে । মহাৰাষ্ট্ৰৰ ভিতৰতে আটাইতকৈ বৃহৎ কাৰাগাৰ হিচাপে জনাজাত এই কাৰাগাৰখন দেশৰ 'কাৰাগাৰ পৰ্যটন'ৰ অন্তৰ্ভুক্ত কৰা হৈছে । ব্ৰিটিছৰ শাসনকালতে য়েৰৱাড়া কাৰাগাৰ স্থাপন কৰা হৈছিল । স্বাধীনতা সংগ্ৰাম চলি থকা সময়ত কেইবাগৰাকীও স্বাধীনতা যুঁজাৰুৱে বিটিছৰ শাসনৰ বিৰোধিতা কৰি এই কাৰাগাৰতে বন্দীত্বৰ জীৱন কটাইছিল ।
জাতিৰ পিতা মহাত্মা গান্ধী, লোকমান্য বাল গংগাধৰ তিলক, চৰ্দাৰ বল্লভভাই পেটেল, নেতাজী সুভাষ চন্দ্ৰ বসু, সৰোজিনী নাইডু, পণ্ডিত জৱাহৰলাল নেহৰু আৰু মতিলাল নেহৰুৱে য়েৰৱাড়া কাৰাগাৰতে কাৰাবাস খাটিছিল । মহাত্মা গান্ধী আৰু ড০ বাবাচাহেব আম্বেদকাৰৰ মাজত ঐতিহাসিক পুণা চুক্তিও এই কাৰাগাৰতে স্বাক্ষৰিত হৈছিল ।