অসম

assam

ETV Bharat / bharat

ভাৰতৰ প্ৰথম স্বদেশী COVID-19 প্ৰতিষেধক ‘‘COVAXIN’’

দেশবাসীৰ বাবে আহিছে এক সুঃখবৰ ৷ মানৱ দেহত পৰীক্ষণৰ অনুমতি লাভ ভাৰতৰ প্ৰথম স্বদেশী COVID-19 প্ৰতিষেধক COVAXIN ৰ ৷ COVAXIN হৈছে ভাৰত বায়টেক্ছ দ্বাৰা ICMR আৰু NIV ৰ সহযোগিতাত বিকশিত কৰা COVID-19 প্ৰতিষেধক ৷ ড্ৰাগ কণ্ট্ৰলাৰ জেনেৰল অফ ইণ্ডিয়াৰ পৰা এই প্ৰতিষেধকৰ মানৱ দেহত পৰীক্ষণৰ অনুমিত লাভ কৰা হৈছে ৷

India's First Indigenous Covid-19 Vaccine COVAXIN
India's First Indigenous Covid-19 Vaccine COVAXIN

By

Published : Jun 30, 2020, 1:29 AM IST

নিউজ ডেস্ক, 30 জুনঃ মানৱ দেহত পৰীক্ষণৰ বাবে সাজু ভাৰতৰ প্ৰথম স্বদেশী COVID-19 প্ৰতিষেধক COVAXIN ৷ COVAXIN হৈছে ভাৰত বায়টেক্ছ দ্বাৰা ICMR আৰু NIV ৰ সহযোগত বিকশিত কৰা COVID-19 ৰ ভাৰতৰ প্ৰথমটো প্ৰতিষেধক ৷ সোমবাৰে এই প্ৰতিষেধকৰ মানৱ দেহত পৰীক্ষণৰ অনুমতি প্ৰদান কৰা হয় ড্ৰাগ কণ্ট্ৰলাৰ জেনেৰল অফ ইণ্ডিয়াৰ ফালৰ পৰা ৷ প্ৰাক্ ক্লিনিকেল গৱেষণাৰ পাচত অনুমোদিত SARS-CoV-2 প্ৰতিষেধকৰো প্ৰথম আৰু দ্বিতীয় স্তৰৰ ক্লিনিকেল ট্ৰায়াল আগন্তুক মাহত দেশজুৰি কৰা হ’ব ৷

ভাৰত বায়টেক্ছ কোম্পানীটোৱে এক বিজ্ঞপ্তিৰ জৰিয়তে কয়, ইণ্ডিয়ান কাউঞ্চিল অফ্ মেডিকেল ৰিচাৰ্জ (ICMR) আৰু নেশ্যনেল ইনষ্টিটিউট অফ্ ভাইৰোলজি (NIV) ৰ সহযোগিতাত এই প্ৰতিষেধকৰ বিকাশ কৰা হৈছে ৷ এই স্বদেশী আৰু নিষ্ক্ৰিয় প্ৰতিষেধকটো জিনোম উপত্যকাত অৱস্থিত ভাৰত বায়টেক্ছ বিএছএল-3ত উচ্চ নিয়ন্ত্ৰণ সুবিধাত বিকশিত কৰা হৈছে ৷

ভাৰতৰ ড্ৰাগ কণ্ট্ৰলাৰ জেনেৰল অফ ইণ্ডিয়া CDSCOৰ স্বাস্থ্য আৰু কল্যাণ মন্ত্ৰণালয়ে প্ৰাক ক্লিনিকেল অধ্যয়নৰ পৰা পোৱা তথ্যৰ ফলাফল জমা দিয়াৰ পাচতেই সুৰক্ষা, প্ৰতিৰোধ প্ৰতিক্ৰিয়াৰ প্ৰদৰ্শন কৰি প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ মানৱিক ক্লিনিকেল ট্ৰায়াল আৰম্ভ কৰাৰ অনুমতি প্ৰদান কৰে ৷ চলিত বৰ্ষৰ জুলাই মাহত সমগ্ৰ ভাৰততে মানৱিক ক্লিনিকেল ট্ৰায়াল আৰম্ভ কৰাৰ কথা উল্লেখ কৰা হৈছে প্ৰকাশিত বিজ্ঞপ্তিত ৷

কোম্পানীটোৰ চেয়াৰমেন আৰু ব্যৱস্থাপনা পৰিচালক ডঃ কৃষ্ণ এলাই কয়, আমি COVID-19 ৰ ভাৰতৰ প্ৰথম স্বদেশী প্ৰতিষেধক COVAXIN ঘোষণা কৰি গৌৰাম্বিত ৷ ICMR আৰু NIV সহযোগিতাত এই প্ৰতিষেধকৰ বিকাশ কৰা হৈছে ৷

লগতে চাওক- টিকটকসহ ভাৰতত নিষিদ্ধ ঘোষণা 59টা চীনা এপ

For All Latest Updates

ABOUT THE AUTHOR

...view details