নেশ্যনেল ডেস্ক, 13 মাৰ্চ :কৰ্ণাটকত ভাৰতৰ প্ৰথমজনCOVID-19 আক্ৰান্তৰ মৃত্যুৰ নিশ্চিতি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে ৷ কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহত চিকিৎসাধীন হৈ থকা 76 বৰ্ষীয় লোকজনৰ দুদিন পূৰ্বে মৃত্যু হৈছে বুলি জানিবলৈ দিয়া হৈছে ৷ কৰ্ণাটকৰ স্বাস্থ্য মন্ত্ৰী বি. শ্ৰীৰামুলুয়ে টুইটাৰৰ জৰিয়তে জানিবলৈ দিয়ে, "COVID-19 ত আক্ৰান্ত হোৱাৰ সন্দেহত চিকিৎসাধীন হৈ থকা 76 বৰ্ষীয় লোকজনৰ মৃত্যু হৈছে ৷"
শেহতীয়াতকৈছৌদি আৰৱভ্ৰমণ কৰি ভাৰতত উপস্থিত হোৱা লোকজনৰ মঙলবাৰে নিশা মৃত্যু হয় ৷ State Joint Director (Communicable Diseases) বি. জি. প্ৰকাশ কুমাৰে জানিবলৈ দিয়া অনুসৰি, মৃতদেহ নিষ্কাষণৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ তেওঁ লগতে জানিবলৈ দিয়ে যে, তেলেংগানা চৰকাৰকো এই সম্পৰ্কত অৱগত কৰা হৈছে যিহেতু কিছুদিন পূৰ্বে তেওঁ তেলেংগানাৰ এখন ব্যক্তিগত চিকিৎসালয়তো চিকিৎসাৰ বাবে উপস্থিত হৈছিল ৷