অসম

assam

ETV Bharat / bharat

COVID-১৯: ভাৰতত ৯২ লাখৰ ঘৰ অতিক্ৰম কৰিলে আক্ৰান্তৰ সংখ্যাই

ভাৰতত অব্যাহত আছে প্ৰাণঘাতী কৰ'ণাৰ সংহাৰ। ৪৪,৩৭৬টা নতুনকৈ আক্ৰান্তৰ ঘটনাসহ ভাৰতত ২৫ নৱেম্বৰলৈকে মুঠ ৯২,২২,২১৬ জন লোক মহামাৰীৰ কবলত পৰিছে। ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চৰ মতে এতিয়ালৈকে ১৩.৪৮ কোটি লোকৰ নমুনা পৰীক্ষা কৰা হৈছে।

COVID-১৯: ভাৰতত ৯২ লাখৰ ঘৰ অতিক্ৰম কৰিলে আক্ৰান্তৰ সংখ্যাই
COVID-১৯: ভাৰতত ৯২ লাখৰ ঘৰ অতিক্ৰম কৰিলে আক্ৰান্তৰ সংখ্যাই

By

Published : Nov 25, 2020, 12:34 PM IST

নেশ্যনেল ডেস্ক, ২৫ নৱেম্বৰ: ভাৰতত মাত্ৰ এটা দিনত COVID-১৯ত নতুনকৈ ৪৪,৩৭৬ জন লোক আক্ৰান্ত হোৱাৰ পিছতে মুঠ আক্ৰান্তৰ সংখ্যাই ৯২ লাখৰ ঘৰ অতিক্ৰম কৰে। বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে, দেশত আৰোগ্যৰ সংখ্যা ৮৬.৪২ লাখ হৈছেগৈ। বৰ্তমানলৈকে মুঠ ৯২,২২,২১৬ জন লোক কালৰূপী কৰ'ণাত আক্ৰান্ত হৈছে। নতুনকৈ মৃত্যু হোৱা ৪৮১ জন ৰোগীসহ এতিয়ালৈকে ১,৩৪,৬৯৯ জনে কৰ'ণাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে। পুৱা ৮ বজাত মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, মঙলবাৰৰ পৰা ৬,০৭৯টা ঘটনা বৃদ্ধি পোৱাৰ পিছত সক্ৰিয় ঘটনাৰ সংখ্যা ৪,৪৪,৭৪৬লৈ বৃদ্ধি পায়।

অৱশ্যে ধাৰাবাহিকভাৱে ১৫ দিনৰ দিনাও নতুনকৈ আক্ৰান্তৰ সংখ্যা ৫ লাখতকৈ হ্ৰাস পায়। মহামাৰীৰে যুঁজি বৰ্তমান ৮৬,৪২,৭৭১ গৰাকী লোক সুস্থ হৈ উঠিছে আৰু ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৯৩.৭২ শতাংশ হৈছেগৈ। আনহাতে মৃত্যুৰ হাৰ হৈছেগৈ ১.৪৬ শতাংশ। ভাৰতত কৰ'ণা আক্ৰান্তৰ সংখ্যাই যোৱা ৭ আগষ্টত ২০ লাখ, ২৩ আগষ্টত ৩০ লাখ, ৫ ছেপ্টেম্বৰত ৪০ লাখ অতিক্ৰম কৰে।

২৮ ছেপ্টেম্বৰ আক্ৰান্তৰ সংখ্যা ৬০ লাখ, ১১ অক্টোবৰত ৭০ লাখ ২০ নৱেম্বৰত ৯০ লাখ হয়গৈ। ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চৰ তথ্য অনুসৰি ২৪ নৱেম্বৰলৈকে ১৩.৪৮ কোটিৰো অধিক লোকৰ নমুনা পৰীক্ষা কৰা হৈছে। মঙলবাৰৰ দিনটোত ১১,৫৯,০৩২ জনৰ নমুনা পৰীক্ষা কৰা হয়। মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হোৱা ৪৮১ গৰাকী ৰোগীৰ ভিতৰত দিল্লীৰ ১০৯ জন, পশ্চিমবংগৰ ৪৯, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ পৰা ৩৩ জনকৈ, মহাৰাষ্ট্ৰৰ ৩০ জন, কেৰালাৰ ২৪, পঞ্জাৱৰ ২২ আৰু ছট্টিশগড়ৰ ২২ জন ৰোগী আছে।

দেশত এতিয়ালৈকে কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা ১,৩৪,৬৯৯ জন লোকৰ ভিতৰত মহাৰাষ্ট্ৰত ৪৬,৬৮৩, কৰ্ণাটকত ১১,৬৯৫, তামিলনাডুত ১১,৬৩৯, অন্ধ্ৰ প্ৰদেশত ৬,৯৫৬ আৰু গুজৰাটত ৩৮৯২ জন লোক মৃত্যু মুখত পৰিছে।

লগতে পঢ়ক:ঘেহু বিস্ফোৰণৰ পুনৰুত্থানক লৈ প্ৰশাসন আৰু কৃষি বিশেষজ্ঞৰ মাজত শংকা

ABOUT THE AUTHOR

...view details