অসম

assam

By

Published : Mar 27, 2020, 2:50 PM IST

ETV Bharat / bharat

COVID-19 : গাওঁসমূহক ৰক্ষা কৰাৰ প্ৰয়োজনীয়তা

COVID-19ৰ প্ৰকোপৰ পৰা দেশৰ গাওঁসমূহক ৰক্ষা কৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কত এক প্ৰতিবেদন -

COVID-19
গাওঁসমূহক ৰক্ষা কৰাৰ প্ৰয়োজনীয়তা

নেশ্যনেল ডেস্ক, 27 মাৰ্চ : বিশ্বৰ দ্বিতীয় সৰ্বাধিক জনসংখ্যাৰ ভাৰতবৰ্ষত দিনক দিনে বৃদ্ধি পাইছে COVID-19 ত আক্ৰান্তৰ সংখ্যা ৷ ইতিমধ্যে ভাৰতত প্ৰায় 730 জন লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্য হৈছে 17 জনৰ ৷ এনে সংকটৰ সময়ত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিভিন্ন ব্যৱস্থা ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা 'জনতা কাৰ্ফিউ' সফল হোৱাৰ পাচত অন্ধ্ৰপ্ৰদেশ,তেলেংগানা, অসমৰ দৰে ৰাজ্যই আন্তৰাষ্ট্ৰীয় সীমান্ত বন্ধ ঘোষণা কৰিছে ৷

কেন্দ্ৰই 82 খন কৰ'ণাত আক্ৰান্ত জিলাত সম্পূৰ্ণৰূপে লক্ ডাউন ঘোষণা কৰিছে যদিও নাগৰিকৰ কাণ্ডজ্ঞানহীনতাই বাৰুকৈয়ে চিন্তিত কৰি তুলিছে ৷ মোডীয়ে ঘোষণা কৰিছে যে, এই সময়ছোৱাত কোনো লোকে আইন অমান্য় কৰিলে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্য়ৱস্থা গ্ৰহণ কৰা হব ৷ কেন্দ্ৰই ঘোষণা কৰা লক্ ডাউন কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবৰ বাবে প্ৰথমটো পদক্ষেপ বুলিহে গণ্য কৰা হৈছে ৷

আছুতীয়া কক্ষত বাস কৰিবৰ বাবে জনোৱা পৰামৰ্শক গ্ৰহণ নকৰা বাবে ইটালীৰ দৰে দেশে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'বলগা হ'ল ৷ চীনৰ য়ুহানত আৰম্ভ হোৱা কৰ'ণা ভাইৰাছে ইতিমধ্য বহু হাজাৰ লোকৰ প্ৰাণ কাঢ়ি নিছে ৷ ভাৰততো এই ভাইৰাছ দ্বিতীয় পৰ্যায়ত উপস্থিত হৈছে ৷ প্ৰথম পৰ্যায়ত বিদেশ ভ্ৰমণৰ ইতিবৃত্ত থকা ভাৰতীয়ৰ পৰা এই ৰোগ তেওঁলোকৰ সম্বন্ধীয় লোকলৈ বিয়পিব আৰম্ভ কৰিছে ৷ সেয়েহে তৃতীয় পৰ্যায় অৰ্থাৎ সমূদায় সংক্ৰমণ নহ'বৰ বাবে দেশৰ নাগৰিকে নিজকে আছুতীয়া কক্ষত ৰখাটো বৰ্তমান অতি প্ৰয়োজনীয় ৷

বৰ্তমান আমাৰ কৰণীয় হৈছে এই ভাইৰাছ দেশৰ গাওঁসমূহত প্ৰৱেশত বাধা দিয়া ৷ গাওঁসমূহক ৰক্ষা কৰিব পাৰিলেহে দেশৰ উন্নতি সম্ভৱপৰ হৈ উঠিব ৷ সেয়েহে গাওঁসমূহতো লক্ ডাউনৰ প্ৰয়োজনীয়তা আছে ৷ গ্ৰাম্যঞ্চলসমূহ সুৰক্ষিত কৰি ৰখাটো প্ৰতিজন নাগৰিক আৰু চৰকাৰৰ দায়িত্ব ৷ উল্লেখ্য যে, দেশৰ 66 শতাংশ নাগৰিকেই গ্ৰামাঞ্চলৰ বাসিন্দা ৷

মৃত্যুদূতৰূপী এই ভাইৰাছে সমগ্ৰ বিশ্বকে ছানি ধৰা সময়ত আছুতীয়া কক্ষ অভিশাপ নহয়, বৰঞ্চ এয়া সুৰক্ষা কৱচহে ৷ এই আছুতীয়া কক্ষৰ নিৰ্দেশক অমান্য় কৰা সকলেহে আন এশজনক আক্ৰান্ত কৰিব ৷ চীনত কেৱল 6 দিনৰ ভিতৰতে এই ভাইৰাছ 1000 লোকৰ দেহত প্ৰৱেশ কৰিছিল ৷ ইয়াৰ পৰৱৰ্তী চাৰি দিনত এই ভাইৰাছ 5000 জন লোক আৰু ইয়াৰো পৰৱৰ্তী 3 দিনত 10,000 লোকক আক্ৰান্ত কৰিছিল ৷

আনহাতে, আমেৰিকা আৰু স্পেইনত 2 দিনৰ ভিতৰতে 10,000 লোকৰ দেহত এই ভাইৰাছ সংক্ৰমণ হৈছিল ৷ এই পৰিসংখ্য়াৰ পৰা এই কথা বুজিব পাৰি যে, ভাইৰাছ প্ৰতিৰাধৰ বাবে চৰকাৰৰ লগতে নাগৰিকসকলেও সমানে দায়িত্ব পালন কৰিব লাগিব ৷

COVID-19ৰ টীকাকৰণ কেতিয়া ওলাব সেই সম্পৰ্কত আমি কোনো জ্ঞাত নহয় ৷ স্বাস্থ্যখণ্ডৰ অৱস্থা শোচনীয় নহ'বৰ বাবে চৰকাৰে কোটি কোটি জনতাৰ জীৱনলৈও ভাবুকি আহিবলৈ দিয়া উচিত নহয় ৷ সেয়েহে গাওঁ আৰু সৰু সৰু চহৰসমূহ আছুতীয়াকৈ ৰখাটো অতি প্ৰয়োজনীয় হৈ পৰিছে ৷

উল্লেখ্য যে, স্পেনিছ ফ্লুৰ ফলত ভাৰতত মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰথম বিশ্বযুদ্ধত মৃত্যু হোৱা লোকৰ সংখ্যাতকৈও অধিক আছিল ৷ সেয়েহে চৰকাৰ আৰু দেশৰ নাগৰিকে একগোট হৈ থিয় দিয়া উচিত ৷ ইয়াৰোপৰি, লক্ ডাউনৰ ফলত গাওঁ আৰু চহৰসমূহত অত্যাৱশ্যকীয় সামগ্ৰীৰ যাতে অভাৱ নহয় সেই সম্পৰ্তেও চৰকাৰে ধ্যান দিয়া উচিত ৷

COVID-19ৰ আতংকৰ পৰা গাওঁবাসীক ৰক্ষা কৰিব পাৰিলেই ভাৰতে এই সংকটাপন্ন অৱস্থাক সফলতাপূৰ্ণভাৱে জয় কৰিবলৈ সক্ষম হ'ব ৷ সেয়েহে দেশৰ নাগৰিকে একগোট হৈ ইয়াৰ বিৰুদ্ধে যুদ্ধ কৰি যোৱাটো অতি প্ৰয়োজনীয় ৷

আৰু পঢ়ক : পুনৰ সম্প্ৰচাৰিত হ'ব ৰামানন্দ সাগৰৰ 'ৰামায়ণ'

ABOUT THE AUTHOR

...view details