অসম

assam

ETV Bharat / bharat

সন্ত্ৰাসবাদীক চিনাক্ত কৰিবলৈ ভাৰতীয় ৰে'লৰ নতুন প্ৰযুক্তি - DG Arun kumar

ৰে'লযাত্ৰীসকলৰ লগতে ৰে'লৱে ষ্টেচনৰ সুৰক্ষাৰ বাবে ভাৰতীয় ৰেলে ব্যৱহাৰ কৰিব নতুন আৰু উন্নত প্ৰযুক্তি ৷ ভাৰতীয় ৰে'লৰ সুৰক্ষাৰ দায়িত্বত থকা ৰে'লৱে সুৰক্ষা বলৰ মহানিৰ্দেশক অৰুন কুমাৰে শনিবাৰে ঘোষনা কৰিছে এই কথা ৷ এতিয়াৰে পৰা বাহিনীটোৱে ব্যৱহাৰ কৰিব ইন্টিগ্ৰেটেড চিকিউৰিটী চিষ্টেম চমুকৈ আইএছএছ ৷

সন্ত্ৰাসবাদীক চিনাক্ত কৰিবলৈ ভাৰতীয় ৰে'লৰ নতুন প্ৰযুক্তি

By

Published : Oct 6, 2019, 4:31 AM IST

নিউজ ডেস্ক,5 অক্টোবৰঃঅতি শীঘ্ৰে ভাৰতীয় ৰে'লৰ সুৰক্ষাৰ দায়িত্বত থকা ৰে'লৱে সুৰক্ষা বলক প্ৰদান কৰা হ'ব নতুন প্ৰযুক্তি ৷ যি প্ৰযুক্তিৰ সহায়ত ৰেল ষ্টেচনসমূহৰ লগতে চলন্ত ৰেলৰ ভিতৰতো কৰিব পৰা যাব সন্দেহজনক সন্ত্ৰাসবাদীৰ চিনাক্তকৰণ ৷ ইন্টিগ্ৰেটেড চিকিউৰিটী চিষ্টেম চমুকৈ আই এছ এছৰ জৰিয়তে দেশৰ ৰেল ষ্টেচনসমূহত অতি সহজেই সন্ত্ৰাসবাদী চিনাক্তকৰণ কৰাৰ ওপৰিও ষ্টেচন চৌহদত থকা গৰাকীবিহীন বয়-বস্তুও অতি সহজেই বিচাৰি উলিয়াব পৰা যাব ৷

শনিবাৰে এক সংবাদমেল যোগে এই কথা সদৰি কৰে ৰে'লৱে সুৰক্ষা বলৰ মহানিৰ্দেশক অৰুন কুমাৰে ৷ বর্তমান দেশৰ ৰেল ষ্টেচন সমূহত কার্যক্ষম হৈ থকা চিচিটিভি কেমেৰাৰ সুৰক্ষা ব্যৱস্থাতকৈ নতুন ইন্টিগ্ৰেটেড চিকিউৰিটী চিষ্টেম অধিক শক্তিশালী হ'ব বুলি মন্তব্য কৰে মহানিৰ্দেশক অৰুন কুমাৰে ৷

উল্লেখযোগ্য যে ৰেল ব্যৱস্থা দেশৰ এক বৃহত্তম পৰিবহন ব্যৱস্থাৰ ভিতৰত অন্যতম ৷ ৰেল বিভাগৰ তথ্য অনুসৰি ভাৰতীয় ৰেলৰ 62 হাজাৰ কি:মি: ৰেলপথত দৈনিক 1.2 মিলিয়ন ৰেলযোগে লোকে যাতায়ত কৰে, তেনে স্থলত নিৰাপত্তাৰ দিশৰ পৰা অতিকৈ স্পর্শকাতৰ ৰেলৰ সুৰক্ষাত এক নতুন অত্যাধুনিক সুৰক্ষা ব্যৱস্থাৰ আগমন সমগ্ৰ দেশৰবাসীৰ বাবে এক সুখবৰ ৰূপে বিবেচিত হৈছে ৷

ABOUT THE AUTHOR

...view details