অসম

assam

যাত্ৰীবাহী ৰে'লৰ পুনৰ চলাচলৰ বাবে সম্পূৰ্ণ সাজু ভাৰতীয় ৰে'লৱে !

By

Published : May 12, 2020, 12:49 PM IST

ভাৰতীয় ৰে'লৱেয়ে প্ৰকাশ কৰিলে ৰে'লৰ সময়সূচী । আজিৰে পৰা আৰম্ভ হ'ব যাত্ৰীবাহী ৰে'লৰ পুনৰ চলাচল ।

ৰে'লৰ সময়সূচী
ৰে'লৰ সময়সূচী

নিউজ ডেস্ক, 12 মে': মঙলবাৰৰ পৰা যাত্ৰীবাহী ৰে'লৰ চলাচল আংশিকভাৱে আৰম্ভ হ'ব । COVID-19 সংক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ দেশত জাৰি কৰা লক্ ডাউনৰ ফলত ডেৰ মাহৰো অধিক কাল স্তব্ধ হৈ আছিল যাত্ৰীবাহী ৰে'লৰ চলাচল ।

অৱশ্যে, লক ডাউনৰ সময়ত যাতে দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি নহয়, তাৰ বাবে ৰে'লৱেয়ে অব্যাহত ৰাখিছিল মালবাহী ৰে'লৰ চলাচল । এই সময়চোৱাত সমগ্ৰ এপ্ৰিল মাহত সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছিল যাত্ৰীবাহী ৰে'ল ।

আনহাতে মে' মাহত কোনো ৰাজ্যৰ পৰা আন আন ৰাজ্যত কাম কৰিবলৈ গৈ আবদ্ধ হৈ থকা শ্ৰমিক সকলক নিজ ৰাজ্যত থবলৈ "শ্ৰমিক"বিশেষ ৰে'লৰ ব্যৱস্থা কৰিছিল ।

মে'ৰ 10 তাৰিখে ৰে'লৱেয়ে ঘোষণা কৰিছিল 15 খন যাত্ৰীবাহী ৰে'লৰ চলাচল কৰাৰ কথা । এই ৰে'লৰ টিকটৰ বুকিং সোমবাৰৰ পৰা আৰম্ভ কৰিছিল ।

ৰে'লৰ সময়সূচী

মঙলবাৰৰ পৰা চলিব লগীয়া ৰে'ল সমূহে দিল্লীক সংযোগ কৰি ডিব্ৰুগড়, আগৰতলা, হাওৰা, পাটনা, বিলাসপুৰ, ৰাঁচি, ভুৱনেশ্বৰ, চেন্নাই, থিৰুৱনন্তমপুৰম, মাডগাঁও, কেন্দ্ৰীয় মুম্বাই, আহমেদাবাদ আৰু জম্মু কাশ্মীৰক সংযোগ কৰিব ।

এই ৰে'ল সমূহ দৈনিক চলাৰ লগতে, তালিকাত নথকা একাংশ সপ্তাহিকভাৱে, সপ্তাহত তিনিদিন, বা সপ্তাহত দুদিনকৈয়ো চলাচল কৰিব বুলি ৰে'লৱে মন্ত্ৰণালয়ে ঘোষণা কৰিছে ।

ABOUT THE AUTHOR

...view details