নেশ্য়নেল ডেস্ক , ২৫ ডিচেম্বৰ :মধ্য় ভিয়েটনামত বানপীড়িত লোকৰ বাবে ১৫ টন মানৱীয় আৰু দুৰ্যোগ সাহায্য়ৰ সৈতে মিছন সাগৰ-III নামেৰে ভাৰতীয় নৌসেনাৰ কিল্টন জাহাজখন বৃহস্পতিবাৰে হৌৰ মিহ্ন চহৰৰ নাহৰোঙ্গ বন্দৰত উপস্থিত হয় । চৰকাৰী বিবৃত্তি অনুসৰি কিল্টন জাহাজৰ এই অভিযান ভিয়েটনামত চলি থকা মহামাৰীত ভাৰতৰ এইচএআৰডিৰ অধীনত এক সহায় ।
মিছন সাগৰ -III প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সাগৰ ( সুৰক্ষা আৰু সকলো ক্ষেত্ৰতে বিকাশ ) আঁচনিৰ দৃষ্টিকোণৰ পৰা কৰা হৈছে । লগতে ভাৰতীয় নৌসেনাই প্ৰথম প্ৰতিক্ৰিয়া কৰি এক নিৰ্ভৰযোগ্য সংগী হিচাপে ভাৰতৰ স্থিতি স্পষ্ট কৰে । এই অভিযানে ASEAN দেশসমূহৰ মাজত থকা গুৰুত্বক ৰক্ষা কৰাৰ লগতে ভৱিষ্য়তেও এই সম্বন্ধ অধিক শক্তিশালী কৰিব ।