নিউজ ডেস্ক, ১২ মে' :ভাৰতীয় নৌ-সেনাৰ 'Mission Sagar'ৰ অধীনত মালদ্বীপলৈ প্ৰেৰণ কৰা নৌ-সেনাৰ জাহাজ কেশৰী মঙলবাৰে গৈ মালদ্বীপৰ মালে বন্দৰত উপস্থিত হৈছে । জাহাজখনে দুটাকৈ স্বাস্থ্যকৰ্মীৰ দলৰ লগতে ৫৮০ টন অত্যাৱশ্যকীয় সামগ্ৰী লৈ দেশখনত উপস্থিত হৈছে । কোভিড-১৯ মহামাৰী সময়ত এয়া ভাৰতৰ মালদ্বীপলৈ সহায় হিচাপে আগবঢ়োৱা হৈছে আৰু ভাৰতীয় জনতাৰ হৈ ভাৰতীয় নৌ-সেনাই মালদ্বীপক এইসমূহ সামগ্ৰী তথা স্বাস্থ্যকৰ্মীৰ দলটোৰ সেৱা আগবঢ়াব ।
দেওবাৰে নৌ-জাহাজ কেশৰীয়ে দুটাকৈ স্বাস্থ্যকৰ্মীৰ দল তথা অত্যাৱশ্যকীয় সামগ্ৰীসহ দক্ষিণ ভাৰত মহাসাগৰীয় অঞ্চলৰ দেশসমূহৰ বাবে আৰম্ভ কৰা 'Mission Sagar'ৰ অধীনত মালদ্বীপলৈ যাত্ৰা আৰম্ভ কৰিছিল । মালদ্বীপ, মৰিচাছ, মাদাগাস্কাৰ, কমৰোছ আৰু চিছিলিছৰ দৰে দেশে কোভিড-১৯ মহামাৰীৰ সময়ত ভাৰতৰ পৰা সাহাৰ্য বিছাৰি আবেদন কৰিছিল ।
আইএনএছ কেশৰীত যোৱা স্বাস্থ্যকৰ্মীৰ দুয়োটা দল মৰিচাছ আৰু কমৰোছত নিয়োগ কৰা হ'ব বুলি বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰিছে । মালদ্বীপৰ পিচতেই জাহাজখনে মৰিচাছ, মাদাগাস্কাৰ,কমৰোছ আৰু চিছিলিছত অত্যাৱশ্যকীয় সামগ্ৰীসমূহ প্ৰদান কৰিব । মৰিচাছৰ বাবে এক বিশেষ আয়ুৰ্বেদিক ঔষধৰ টোপোলাও প্ৰেৰণ কৰা হৈছে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰে । মাদাগাস্কাৰ আৰু কমৰোছৰ বাবে প্ৰেৰণ কৰা সামগ্ৰীসমূহৰ ভিতৰত হাইড্ৰ'ক্সিক্লৰ'কুইন আছে বুলি জানিব পৰা গৈছে ।