অসম

assam

ETV Bharat / bharat

ভাৰত চৰকাৰ আৰু নগা বিদ্ৰোহীৰ শান্তি আলোচনা,স্বাক্ষৰিত নহ'ল কোনো চুক্তি - Indian government, Naga rebels hold peace talks, but no agreement signed

বৃহস্পতিবাৰে ভাৰত চৰকাৰ আৰু নগা বিদ্ৰোহীৰ মাজত আয়োজিত হ'ল শান্তি আলোচনাচক্ৰ ৷ এই আলোচনাৰ বিতং তথ্য বৰ্তমানেও জানিব পৰা হোৱা নাই ৷

ভাৰত চৰকাৰ আৰু নগা বিদ্ৰোহীৰ শান্তি আলোচনা

By

Published : Nov 1, 2019, 3:27 PM IST

Updated : Nov 1, 2019, 3:38 PM IST

নেশ্যনেল ডেস্ক,1 নৱেম্বৰ: ভাৰত চৰকাৰ আৰু নগা বিদ্ৰোহীৰ মাজত বৃহস্পতিবাৰে এখন শান্তি আলোচনা চক্ৰৰ আয়োজন কৰা হয় ৷ দেশৰ উত্তৰ-পূৱ অঞ্চলত সশস্ত্ৰ বিদ্ৰোহে 70 বছৰ গৰকাৰ পাচত এই আলোচনাচক্ৰ অনুষ্ঠিত হ'লেও বহু আকাংক্ষিত শান্তি চুক্তিত স্বাক্ষৰ কৰা হ'ল নে নাই সেই সম্পৰ্কে কোনো তথ্য লাভ কৰা নাই ৷

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ই এই সম্পৰ্কত টুইটৰ জৰিয়তে মন্তব্য কৰে যে, নতুন দিল্লীৰ আলোচনাচক্ৰত বৃহৎ সফলতা লাভ কৰা হৈছে ৷ কিন্তু এই সম্পৰ্কত কোনো তথ্য প্ৰদানৰ পৰা বিৰত থাকে ৰিঅ' ৷ এয়া 'নগা লোক আৰু দেশৰ বাবে সুখৰ সময়' বুলিও উল্লেখ কৰে নেইফিউ ৰিঅ'ই ৷ এই চুক্তিয়ে প্ৰকৃতাৰ্থত সকলোৰে উন্নয়ন সাধন কৰাৰ লগতে দেশ গঢ়াতো অৰিহণা যোগাব বুলি মন্তব্য কৰে ৰিঅ'ই ৷ আনহাতে, গৃহ মন্ত্ৰণালয়ৰ এক প্ৰতিবেদনৰ পৰা কিছুমান লোকৰ মাজত অস্থিৰতা প্ৰত্যক্ষ কৰা হৈছে বুলি তথ্য লাভ কৰা হৈছে ৷ কিন্তু মন্ত্ৰণালয়ে জানিবলৈ দিয়া অনুসৰি,কোনো নিষ্পত্তিৰ পূৰ্বে হিতাধিকাৰীসকলৰ পৰা পৰামৰ্শ গ্ৰহণ কৰা হ'ব ৷

নগা বিদ্ৰোহীৰ দ্বাৰা দাবী কৰা পৃথক পতাকা আৰু সংবিধান সম্পৰ্কত ভাৰত চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰিলে এই সম্পৰ্কত বৰ্তমানেও কোনো মন্তব্য লাভ কৰা নাই ৷ বৃহস্পতিবাৰৰ এই আলোচনাচক্ৰত উপস্থিত থাকে নগা ৰাষ্ট্ৰীয় ৰাজনীতি গোট (Naga National Political Group) ৷

ভাৰতীয় সংবাদ মাধ্যমে প্ৰদান কৰা তথ্য অনুসৰি, অক্টোবৰৰ 31 তাৰিখ আলোচনাৰ চূড়ান্ত দিন হিচাপে ঘোষণা কৰিছিল চৰকাৰী মধ্যস্থতাকাৰীয়ে ৷ উল্লেখ্য যে,বিচ্ছিন্নতাবাদীসকলে দীৰ্ঘদিনৰ পৰা ভাৰতীয় চৰকাৰৰ বিৰুদ্ধে বিভিন্ন বিষয় লৈ যুঁজ দি আহিছে ৷ চৰকাৰে অঞ্চলটোৰ প্ৰাকৃতিক সম্পদসমূহ শোষণ কৰি অহাৰ লগতে ইয়াৰ উন্নয়নক অৱজ্ঞা কৰি অহাৰ অভিযোগ উত্থাপন কৰি আহিছে বিচ্ছিন্নতাবাদীসকলে ৷

উল্লেখ্য যে,1950 চনৰ মাজভাগত পৃথক স্বাধীন ভূমিখণ্ড বিচাৰি নগা বিদ্ৰোহৰ আৰম্ভ হৈছিল ৷ বহু বছৰে বিদ্ৰোহী আৰু সুৰক্ষা কৰ্মীৰ মাজত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পাচত 1997 চনত ভাৰত চৰকাৰ আৰু ইছাক মুইভা গোটৰ মাজত শান্তিৰ ক্ষেত্ৰত এখোজ দিয়াৰ লক্ষ্যৰে যুদ্ধবিৰতি চুক্তি স্বাক্ষৰিত হৈছিল ৷ ইয়াৰ পাচতে বিদ্ৰোহী দলটোৱে পৃথক ভূমিখণ্ডৰ দাবী ত্যাগ কৰি ভাৰতীয় সংবিধানৰ অধীনত কোনো সমাধান উলিয়াবলৈ সন্মতি প্ৰদান কৰিছিল ৷

আৰু পঢ়ক : ইন্দিৰা গান্ধী বিমানবন্দৰত নাই কোনো ভাবুকি : CISF

Last Updated : Nov 1, 2019, 3:38 PM IST

ABOUT THE AUTHOR

...view details