অসম

assam

ETV Bharat / bharat

বতৰ বিজ্ঞানৰ সাৱধানীক লৈ তৎপৰ উপকূলৰক্ষী বাহিনী - ICG DG Visits Eastern Fleets

বাৰিষা অহাৰ পূৰ্বেই কেন্দ্ৰীয় বতৰবিজ্ঞান বিভাগে জাৰী কৰা নিৰ্দেশনাৰ পিচতেই তৎপৰ হৈ পৰিছে ভাৰতীয় উপকূলৰক্ষী বাহিনী ৷ শনিবাৰে বাহিনীটোৰ মহানিৰ্দেশক ৰাজেন্দ্ৰ সিঙে হেলিকপ্টাৰযোগে তামিলনাডু উপকূলৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰে ৷

ভাৰতীয় উপকূলৰক্ষী বাহিনী

By

Published : Jun 1, 2019, 11:41 PM IST

নিউজ ডেস্ক, 1 জুনঃ সুৰক্ষা আৰু প্ৰতিৰক্ষা নিশ্চিত ৰাখিবলৈ ভাৰতীয় উপকূলৰক্ষী বাহিনীক কঠোৰ নিৰ্দেশনা বাহিনীটোৰ মহানিৰ্দেশকৰ ৷ কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগে বাৰিষাৰ পূৰ্বেই জাৰী কৰা সাৱধানীবানীৰ পিচতেই বাহিনীটোৰ নিৰীক্ষণত থকা ইষ্টাৰ্ণ ফ্লীটৰ কাৰ্য্যৱৰ্তী অঞ্চলসমূহ পৰিভ্ৰমণ কৰে মহানিৰ্দেশক ৰাজেন্দ্ৰ সিঙে ৷

অধিক পঢ়কঃ কোকৰাঝাৰত সেনা বাহিনী-প্ৰগতি এডুটেকৰ কৰ্মশালা

উল্লেখ্য যে, তামিলনাডুৰ উপকূলে বাৰিষাৰ সময়ত ধাৰাসাৰ বতাহ-বৰষুণৰ লগতে বিজুলী আৰু ঘুৰ্ণী বতাহৰ বশৱৰ্তী হ'ব বুলি প্ৰকাশ কৰিছিল বতৰ বিজ্ঞান বিভাগে ৷ ইয়াৰ পৰৱৰ্তী সময়তে শনিবাৰে দিনৰ ভাগত এইদৰে উপকূলৰক্ষীৰ নিৰীক্ষণত থকা এইসমূহ অঞ্চল পৰিভ্ৰমণ কৰে বাহিনীটোৰ মহানিৰে্দশকগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details