অসম

assam

ETV Bharat / bharat

স্থলসেনাৰ উদ্যোগত ঢালিগাঁৱত কৌশলী বিকাশ অনুষ্ঠান - Red horn Division at Dhaligaon news

ভাৰতীয় স্থলসেনাৰ ৰেড হৰ্ণ ডিভিজনৰ উদ্যোগত চিৰাং জিলাৰ ঢালিগাঁৱত অনুষ্ঠিত হৈ যায় এক কৌশলী বিকাশ কাৰ্যসূচী ৷ কাৰ্যসূচীত চিৰাং,কোকৰাঝাৰ, বাক্সা আৰু ধুবুৰী জিলাৰ শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰাৰ লগতে স্থলসেনাত ভৰ্তি হোৱাৰ বাবে নিজৰ নাম পঞ্জীয়ন কৰে ৷

স্থলসেনাৰ উদ্যোগত ঢালিগাঁৱত কৌশলী বিকাশ অনুষ্ঠান

By

Published : Nov 1, 2019, 5:02 AM IST

Updated : Nov 1, 2019, 8:33 AM IST

চিৰাং,31 অক্টোবৰঃ ভাৰতীয় যুৱ-প্ৰজন্মক কৰ্মসংস্কৃতিক প্ৰতি আকৰ্ষিত কৰাৰ বাবে স্থলসেনাই পালন কৰি আহিছে বহুটো কৰ্মসূচী ৷ দেশৰক্ষাৰ লগতে দেশবাসীক সকলো দিশতে সমানে চোৱাচিতা কৰি আহিছে স্থলসেনাই ৷ স্থলসেনাৰ কৌশলী বিকাশ কৰ্মসূচীৰ অধীনত চিৰাং জিলাৰ ঢালিগাঁৱৰ ঢালিগাঁও উচ্চ বিদ্যালয়ত বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যায় এক বিশেষ কাৰ্যসূচী ৷

স্থলসেনাৰ উদ্যোগত অনুষ্ঠিত কৌশলী বিকাশ অনুষ্ঠানৰ এটা দৃশ্য

স্থলসেনাৰ ৰঙিয়াস্থিত ৰেড হৰ্ণ ডিভিজনৰ অধীনস্থ পঞ্চম গাড়ৱাল ৰাইফলছে অনুষ্ঠিত কৰে এই কৌশলী বিকাশ কাৰ্যসূচী ৷ গুৱাহাটীৰ বেচৰকাৰী সংস্থা প্ৰগতি ইডুটেকৰ সহযোগত আয়োজন কৰা অনুষ্ঠানটোতচিৰাং,কোকৰাঝাৰ,বাক্সা আৰু ধুবুৰী জিলাৰ ৫৫০ জন শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ৷ ইচ্ছুক শিক্ষাৰ্থীসকলে এই অনুষ্ঠানৰ পৰাই বিভিন্ন শিতানত প্ৰশিক্ষণ লৈ সেনাবাহিনীৰ লগতে বিভিন্ন বিভাগত যাতে কৰ্মসংস্থান লাভ কৰিবলৈ সক্ষম হয় সেই বিষয়ে সেনাই সহায় কৰিব বুলি জনায় ।

ঢালিগাঁৱত স্থলসেনাৰ উদ্যোগত কৌশলী বিকাশ অনুষ্ঠান

বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যোৱা বিশেষ কাৰ্যসূচীত চিৰাং জিলা উপায়ুক্ত গৌতম তালুকদাৰ,কাজলগাঁৱস্থিত পঞ্চম গাড়ৱাল ৰাইফলছৰ কমাণ্ডাৰ দিপক পাণ্ডে,ৰেড হৰ্ণ ডিভিজনৰ ব্ৰিগেডিয়াৰ অনিন দেৱ সাহাই অংশগ্ৰহণ কৰে ৷

লগতে চাওকঃ পৃথক বড়োলেণ্ড: স্বায়ত্ত্ব শাসন আৰু অন্যান্য আঠদফীয়া দাবীত জ্বলিছে অসম !

Last Updated : Nov 1, 2019, 8:33 AM IST

ABOUT THE AUTHOR

...view details