অসম

assam

ETV Bharat / bharat

ভাৰতীয় সৈন্যই চীন সীমান্তৰ ওপৰতো নজৰ ৰাখিব: সেনা প্ৰধান

চীন সীমান্তৰ ওপৰতো ভাৰতে নজৰ ৰাখিব বুলি মন্তব্য কৰে সেনা প্ৰধান মনোজ মুকুন্দ নৰাবনেই ৷ ভাৰতে চীনৰ সৈতে থকা সীমান্ত বিবাদৰ মীমাংসা ঘটাব বুলিও তেওঁ মন্তব্য কৰে ৷

By

Published : Jan 1, 2020, 3:12 PM IST

চীন সীমান্তৰ ওপৰত নজৰ ৰাখিব বুলি মন্তব্য
সেনা প্ৰধান মনোজ মুকুন্দ নৰাবনে

নেশ্যনেল ডেস্ক, 1 জানুৱাৰী :ভাৰতৰ নৱনিৰ্বাচিত সেনা প্ৰধান মনোজ মুকুন্দ নৰাবনেই বুধবাৰে মন্তব্য কৰে যে,ভাৰতীয় সেনাই পাকিস্তান সীমান্তৰ লগতে চীন সীমান্তৰ ওপৰতো নজৰ ৰাখিব ৷ তেওঁ লগতে আত্মবিশ্বাস প্ৰকাশ কৰি কয় যে,ভাৰতে চীনৰ সৈতে থকা সীমান্ত বিবাদৰ মীমাংসা ঘটাবলৈ সক্ষম হ'ব ৷ ভাৰতীয় সৈন্যই 'গাৰ্ড অৱ অনাৰ' প্ৰদান কৰাৰ পাচতে নৰাবনেই কয়, "আমাৰ সীমা নিয়ন্ত্ৰণ ৰেখা আছে ৷ সীমান্ত প্ৰশ্নটো এতিয়াও মীমাংসা হোৱা নাই ৷ সুখ-শান্তি বৰ্তাই ৰখাৰ ক্ষেত্ৰত আমি যথেষ্ট উন্নতি সাধন কৰিছো ৷ অন্তিমটো সমাধানত উপনীত হ'বলৈ সক্ষম হ'ম ৷"

সেনা প্ৰধান মনোজ মুকুন্দ নৰাবনে

তেওঁ লগতে কয়, "আমি সীমান্তৰ পশ্চিম দিশত মনোনিৱেশ কৰি আছিলো যদিও উত্তৰ দিশতো মনোনিৱেশ কৰাৰ প্ৰয়োজন আছে ৷ ক্ষমতাৰ বিকাশ আৰু বৃদ্ধিৰ বাবে আমি উত্তৰ সীমান্ত আৰু উত্তৰ-পূৱ ভাৰতত প্ৰচেষ্টা অব্যাহত ৰাখিছো ৷"ভাৰত-পাকিস্তান সীমান্ত আৰু জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ সীমা ৰেখাৰ ভাবুকি সম্পৰ্কত নৰাবনেই মন্তব্য কৰে,"আমাৰ যিবোৰ ভাবুকি আছে সেইবোৰ আমি বিশ্লেষণ কৰি আছো ৷ এই প্ৰক্ৰিয়াৰে ভাবুকিবোৰ চিনাক্ত কৰি সেইধৰণে পদক্ষেপ গ্ৰহণ কৰিম ৷"

আনহাতে,সেনা বিভাগৰ আধুনিকীকৰণ সম্পৰ্কতো তেওঁ কয়,"আধুনিকীকৰণ প্ৰাথমিক লক্ষ্য ৷ ভাবুকিসমূহৰ ওপৰত ভিত্তি কৰি আমাৰ বহু কেইটা দীৰ্ঘকালিন পৰিকল্পনা আছে ৷ এই ভাবুকিসমূহৰ পৰিৱৰ্তন হৈ থাকে আৰু তেনেদৰে আমি আমাৰ পৰিকল্পনাসমূহ সলনি কৰো ৷"তেওঁ লগতে কয় যে, মানৱ অধিকাৰৰ সৈতে জড়িত বিভিন্ন বিষয়ত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হ'ব ৷ লগতে তেওঁ কয় যে,ভাৰতীয় সেনা যুদ্ধৰ বাবে সক্ষম আৰু যিকোনো ধৰণৰ প্ৰত্যাহ্বান নেওচি আগবাঢ়ি যাব পাৰে ৷

আৰু পঢ়ক : নেপাল, ভূটান সীমান্তৰ সুৰক্ষা ব্যৱস্থাৰ নিৰীক্ষণ অমিত শ্বাহৰ

ABOUT THE AUTHOR

...view details