নিউজ ডেস্ক, ১৭ জুন : সীমা বিবাদক কেন্দ্ৰ কৰি ভাৰত আৰু চীনৰ মাজত সংঘটিত হোৱা লাডাখৰ গলৱান সীমান্তৰ ফালে বুধবাৰে ভাৰতীয় সেনাৰ বৃহৎ দল এটাই যাত্ৰা কৰিছে ।
চীনৰ ফালৰ পৰা বুধবাৰে জনোৱা অনুসৰি, বিগত বহু দশকৰ পৰাই ভাৰত আৰু চীনৰ মাজত চলি থকা সীমা কেন্দ্ৰিক বিবাদৰ শান্তি পূৰ্ণ আলোচনা বিচাৰিছিল ।
উক্ত ঘটনাৰ পিছত শ্বহীদ হোৱা ভাৰতীয় সৈনিক সকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনাই যে, যিসকল সেনাই দেশ মাতৃৰ বাবে নিজৰ জীৱন আহুতি দিলে তেওঁলোকক লৈ মই গৰ্বিত ।