নেশ্যনেল ডেস্ক, ৫ছেপ্টেম্বৰ: ভাৰত আৰু চীনৰ মাজত সীমা বিবাদ অব্যাহত থকাৰ মাজতে ভাৰতীয় সেনাই উত্তৰ ছিকিমত ১৭,৫০০ফুট উচ্চতাত অৱস্থিত মালভূমি অঞ্চলৰ পৰা ৩গৰাকী চীনা নাগৰিকক উদ্ধাৰ কৰে । যোৱা ৩ ছেপ্টেম্বৰত পথ ভুল হৈ অঞ্চলটোত আবদ্ধ হৈ পৰিছিল এগৰাকী মহিলাসহ আন দুগৰাকী চীনৰ নাগৰিক । এনে সময়তে ভাৰতীয় সেনাই সহায়ৰ হাত আগবঢ়ায় । শীঘ্ৰে সেই স্থানত সেনা জোৱান উপস্থিত হৈ নাগৰিক কেইজনৰ বাবে অক্সিজেনৰ ব্যৱস্থা কৰে । লগতে খাদ্য আৰু গৰম কাপোৰো যোগান ধৰা হয় ।
পথ হেৰুওৱা চীনা নাগৰিকক উদ্ধাৰ কৰিলে ভাৰতীয় সেনাই
উত্তৰ ছিকিমত ১৭,৫০০ফুট উচ্চতাত অৱস্থিত মালভূমি অঞ্চলৰ পৰা ৩ গৰাকী চীনা নাগৰিকক উদ্ধাৰ কৰিলে ভাৰতীয় সেনাই। পথ ভুল হৈ দিশহাৰা হৈছিল চীনৰ নাগৰিক কেইজন। ভাৰতীয় সেনাই ততাতৈয়াকৈ তিনিওকে অক্সিজেন, খাদ্য আৰু গৰম কাপোৰৰ যোগান ধৰে।
উত্তৰ ছিকিমত ৩গৰাকী চীনা নাগৰিকক উদ্ধাৰ কৰিলে ভাৰতীয় সেনাই
১৭,৫০০ফুট উচ্চতাত আবদ্ধ হৈ অসুবিধাৰ সন্মুখীন হোৱা নাগৰিককেইজনক চিকিৎসা প্ৰদানৰো ব্যৱস্থা কৰা হয় । ইয়াৰ পিছত নাগৰিককেইজনক সঠিক পথৰ বিষয়ে অৱগত কৰায় ভাৰতীয় সেনাই । চীনৰ নাগৰিককেইজনক কৰা সহায়ৰ বাবে ভাৰতীয় সেনাক ধন্যবাদ জ্ঞাপন কৰে । উল্লেখ্য যে, বিশেষ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে পূৱ লাডাখৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ বিষয়ে মস্কোত ২ ঘণ্টা জোৰা বৈঠকত মিলিত হয় ।