অসম

assam

ETV Bharat / bharat

সীমান্তত বাজিছে ভাৰত-চীনৰ যুদ্ধৰ দামামা - Face-off

Indian Army officer, two soldiers killed in scuffle with Chinese Army in Galwan Valley
চীনা সেনাৰে সংঘৰ্ষত নিহত তিনি ভাৰতীয় সেনা

By

Published : Jun 16, 2020, 3:43 PM IST

Updated : Jun 16, 2020, 5:29 PM IST

17:26 June 16

এমাহ পূৰ্বে বিৰোধ প্ৰদৰ্শন দুই দেশৰ সৈন্যৰ

নতুন দিল্লী,16 জুন:ভাৰতীয় আৰু চীনা সৈন্যই পূৱ লাডাখত নিয়ন্ত্ৰণ ৰেখাৰ গতিবিধি সম্পৰ্কত বিক্ষোভ প্ৰদৰ্শন কৰি আহিছিল ৷ য’ত চীনা পিপুলচ লিবাৰেচন আৰ্মীৰ প্ৰায় দহ সহস্ৰাধিক সশস্ত্ৰ সৈন্য উপস্থিত আছিল ৷ ভাৰতীয় সৈন্যই চীনৰ দ্বাৰা প্ৰদৰ্শিত বিৰোধৰ পিছতো দুয়োখন দেশৰ সেনাবাহিনীৰ শীৰ্ষ বিষয়ববীয়াসকলে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় ৷ উল্লেখ্য যে,বিগত 5 মে’ত দুয়োপক্ষৰ সৈন্যৰ মাজত পেংগঙ তসত এই বিৰোধৰ দামামা আৰম্ভ হৈছিল ৷      

16:28 June 16

ভাৰতীয়-চীনা সৈন্যৰ মাজত স্পষ্ট বিভেদ

নতুন দিল্লী,16 জুন:বিগত প্ৰায় পাঁচ সপ্তাহে গলৱান উপত্যকাৰ পৰিস্থিতিৰ ওপৰত তীব্ৰ নজৰ ৰাখিছিল ভাৰতীয় আৰু চীনা সৈন্যই ৷ ভাৰতীয় সেনা প্ৰধান জেনেৰেল এম এম নাৰভানে দুয়ো পক্ষৰ সেনাই উপত্যকাটোৰ পৰাই বিভেদ আৰম্ভ কৰাৰ কথা স্পষ্টভাৱে প্ৰকাশ কৰে ৷

16:08 June 16

ভাৰত-চীন সীমান্তত 1975 চনৰ পুনৰাবৃত্তি

নতুন দিল্লী,16 জুন:ভাৰতীয়সেনাই প্ৰকাশ কৰা এক বিবৃতিত গলৱান উপত্যকাত সোমবাৰে সংঘটিত এই হিংসাত্মক কাৰ্যত একাংশ সেনা হতাহত হোৱাৰ তথ্য প্ৰকাশ পায় ৷ 1975 চনৰ পিছত ভাৰত-চীন সীমান্তত প্ৰথমবাৰৰ বাবে এনেধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হৈছে ৷

14:28 June 16

চীনা সেনাৰে সংঘৰ্ষত নিহত তিনি ভাৰতীয় সেনা

পূৱ লাডাখত আক্ৰমণ চীনা সেনাৰ

নতুন দিল্লী,16 জুন: পূৱ লাডাখৰ গলৱান উপত্যকাত সোমবাৰে নিশা চীনা সেনাই চলাইছিল এক আক্ৰমণ ৷ উক্ত আক্ৰমণত ভাৰতীয় সেনা বাহিনীৰ এগৰাকী উচ্চ পৰ্যায়ৰ বিষয়াৰ লগতে দুগৰাকী জোৱান নিহত হৈছে ৷ ভাৰতীয় সেনাৰ সূত্ৰত প্ৰকাশ পাইছে এই খবৰ ৷ সূত্ৰত প্ৰকাশিত তথ্য অনুযায়ী,দুয়োখন ৰাষ্ট্ৰৰ সেনাবাহিনীৰ মুৰব্বীসকলে ৰাষ্ট্ৰ দুখনৰ মাজত উদ্ভৱ হোৱা সমস্যা সমাধান কৰিবলৈ এক আলোচনাত মিলিত হৈছিল ৷

Last Updated : Jun 16, 2020, 5:29 PM IST

ABOUT THE AUTHOR

...view details