অসম

assam

ETV Bharat / bharat

ভাৰতীয় সেনাৰ যোগ্য প্ৰত্যুত্তৰ পাকিস্তানী সেনাক - সন্ত্ৰাসবাদ কেম্পত আক্ৰমণ

জম্মু-কাশ্মীৰৰ টাংধাৰ ছেক্টৰত পাকিস্তানী সেনাৰ দ্বাৰা সংঘটিত ধাৰাসাৰ গুলিবৰ্ষনৰ যোগ্য প্ৰত্যুত্তৰ প্ৰদান কৰিছে ভাৰতীয় সেনাই ৷ পাকিস্তানী সেনাৰ বৰ্বৰ কাণ্ডৰ পিচতে দুগৰাকী সেনা জোৱান শ্বহীদ হোৱাৰ লগতে এগৰাকী অসামৰিক লোক নিহত হৈছিল ৷

সেনাপ্ৰধান জেনেৰেল বিপিন ৰাৱাট

By

Published : Oct 20, 2019, 9:15 PM IST

নিউজ ডেস্ক, 20 অক্টোবৰঃ পাকিস্তানী সেনাক সুবিশাল টোপেৰে যোগ্য প্ৰত্যুত্তৰ প্ৰদান কৰে ভাৰতীয় সেনাই ৷ ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তত যুদ্ধবিৰতি চুক্তি উলংঘন কৰা পাকিস্তানে ভাৰতীয় সেনাৰ পৰা লাভ কৰে আৰ্টিলাৰীৰ বৃহৎ উপহাৰ ৷

ভাৰতীয় সীমাত পাকিস্তানে ছায়া যুদ্ধনীতিৰে সন্ত্ৰাসবাদী প্ৰেৰণ কৰি আহিছে ৷ এয়া পাকিস্তানৰ চৰাচৰিত নীতি আৰু সমগ্ৰ বিশ্বতে এই কথা জ্ঞাত ৷ শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 প্ৰত্যাহাৰ কৰাৰ পিচতে জম্মু-কাশ্মীৰত দ্ৰুত হাৰে সন্ত্ৰাসবাদমুলক কাৰ্য সম্পাদন কৰিবলৈ বহুকেইটা ব্যৰ্থ প্ৰয়াস কৰিছে পাকিস্তানে ৷ কিন্তু ভাৰতীয় সেনাই প্ৰতিবাৰেই পাকিস্তানক নিজৰ উদ্দেশ্যত উপনীত হোৱাত তীব্ৰ বাধা প্ৰদান কৰি আহিছে ৷ প্ৰত্যক্ষভাৱে বিফল হৈ পৰোক্ষভাৱে পাকিস্তানী সেনাই ভাৰতত সন্ত্ৰাসবাদ বিয়পাই দিবলৈ বিগত দিনবোৰত চেষ্টা কৰি আহিছে আৰু ইয়াৰ বাবেই চলিত বৰ্ষত সৰ্বাধিকসংখ্যক যুদ্ধবিৰতি চুক্তি ভংগ কৰিছে পাকিস্তানে ৷

সেনাপ্ৰধান জেনেৰেল বিপিন ৰাৱাট

শনিবাৰে পাকিস্তানে টাংধাৰ ছেক্টৰত যুদ্ধবিৰতি চুক্তি উলংঘন কৰাৰ পিচতে ভাৰতীয় সেনায়ো ইয়াৰ উচিত প্ৰত্যুত্তৰ প্ৰদান কৰে ৷ পাকিস্তান অধ্যুষিত কাশ্মীৰত থকা চাৰিটাকৈ সন্ত্ৰাস ঘাটিত ভাৰতীয় সেনাই ব্যৱহাৰ কৰে টোপ ৷ পাকিস্তান অধ্যুষিত কাশ্মীৰৰ জুৰা, আথমুকাম আৰু কুন্দলচাহীত ভাৰতীয় স্থলসেনাই সংঘটিত কৰে এই আক্ৰমণ ৷ ভাৰতীয় সেনাৰ এই আক্ৰমণত 35টাকৈ জইচ-ই-মহম্মদ আৰু হিজবুল মুজাহিদীন সন্ত্ৰাসবাদী নিহত হোৱাৰ কথা প্ৰকাশ কৰিছে ভাৰতীয় চোৰাংচোৱাই ৷

ABOUT THE AUTHOR

...view details