নিউজ ডেস্ক, 4 আগষ্টঃ জম্মু-কাশ্মীৰৰ উদ্বেগজনক পৰিস্থিতিৰ মাজতে শনিবাৰে ভাৰতীয় সেনাই গুলীয়াই নিহত কৰিছে সাতজনকৈ সন্ত্ৰাসবাদী ৷ নিয়ন্ত্ৰণৰেখাৰে ভাৰতীয় সীমান্তত অবৈধ প্ৰৱেশৰ চেষ্টা চলাওতে ভাৰতীয় সেনাই গুলীয়াই নিহত কৰে সন্ত্ৰাসবাদীকেইটা ৷ আনহাতে অবিৰতভাৱে গুলীয়াগুলী চলি থকাৰ বাবে ভাৰত-পাক সীমান্তৰ নিৰপেক্ষ স্থানত পৰি ৰয় মৃতদেহকেইটা ৷ প্ৰথম অৱস্থাত সেয়া সন্ত্ৰাসবাদীৰ মৃতদেহ বুলি সন্দেহ কৰা হৈছিল যদিও ভাৰতীয় সেনাই ড্ৰ'ণৰ সহায়েৰে সেয়া পাকিস্তানী ব্যাট কামাণ্ডোৰৰ মৃতদেহ বুলি নিশ্চিত কৰে ৷
ভাৰতীয় সেনাৰ হাতত নিধন 7জন সন্ত্ৰাসবাদী - বাংকাৰ
জম্মু-কাশ্মীৰৰ উদ্বেগজনক পৰিস্থিতিৰ মাজতে শনিবাৰে ভাৰতীয় সেনাই গুলীয়াই নিহত কৰে সাতজনকৈ সন্ত্ৰাসবাদী ৷ নিয়ন্ত্ৰণৰেখাৰে ভাৰতীয় সীমাত প্ৰৱেশৰ চেষ্টা চলাওতে সন্ত্ৰাসবাদীকেইজনক গুলীয়াই নিহত কৰে ভাৰতীয় সেনাই ৷
ইতিমধ্যে ভাৰতীয় সেনাৰ তৰফৰ পৰা ফ্লেগ মিটিঙৰ জৰিয়তে পাকিস্তানী সেনাক মৃতদেহকেইটা চমজি ল'বলৈ অনুৰোধ জনোৱা হৈছে যদিও এইক্ষেত্ৰত কোনো সদিচ্ছা প্ৰকাশ কৰা নাই ৷ ৰাজ্যখনত অৰ্ধসামৰিক বাহিনীৰ 100টা অতিৰিক্ত কোম্পানী প্ৰেৰণৰ পিচতে পৰিস্থিতি উদ্বেগজনক হৈ পৰে ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটিৰ আপত্তিজনক মন্তব্যক লৈ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে ৷আনহাতে অমৰনাথ যাত্ৰাপথৰ পৰা পাকিস্তানত নিৰ্মিত এন্টি পাৰ্চনেল মাইন আৰু আইইডিৰ লগতে আমেৰিকাত নিৰ্মিত স্নাইপাৰ ৰাইফল উদ্ধাৰ হোৱাৰ পিচতে বাতিল কৰা হয় পবিত্ৰ অমৰনাথ যাত্ৰা ৷ জম্মু কাশ্মীৰত অতিৰিক্ত বাহিনী প্ৰেৰণৰ পিচতেই পাকিস্তানী ছায়া যুদ্ধৰ সহায়ত ৰাজ্যখনৰ পৰিস্থিতি উত্তপ্ত কৰিবলৈ চেষ্টা চলাই আহিছে ৷ইতিমধ্যে বিগত এমাহ ধৰি পাকিস্তানে নিয়ন্ত্ৰণৰেখাত যুদ্ধবিৰতি উলংঘন কৰি আহিছে ৷ পাকিস্তানৰ এই কাণ্ডৰ ফলতে ৰাজ্যখনৰ পাকিস্তান সীমান্তৱৰ্তী অঞ্চলসমূহ খালী কৰি দিয়া হৈছে ৷ নিয়ন্ত্ৰণৰেখাৰ সমীপৱৰ্তী অঞ্চলৰ জনসাধাৰণক কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নিৰ্মাণ কৰা বাংকাৰত আশ্ৰয় প্ৰদান কৰিছে ভাৰতীয় সেনাই ৷ ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি স্থিৰে ৰাখিবলৈ ভাৰতীয় সেনাৰ লগতে অন্যান্য অৰ্ধসামৰিক বাহিনীসমূহক হাই-এলাৰ্টত ৰখা হৈছে ৷