অসম

assam

ETV Bharat / bharat

ভাৰতীয় সেনাই ফাদিল কৰিলে পিএলএৰ শক্তিৰ অৱধাৰণা - চীনৰ পিএলএ

লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণৰেখাত উত্তেজনা অব্যাহত থকাৰ সময়তে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এইটো স্পষ্টভাৱে জনাইছে যে ভাৰতে যিকোনো পৰিস্থিতিৰ সৈতে মুখামুখি হ'বলৈ সক্ষম ৷ প্ৰতিৰক্ষা বিশেষজ্ঞসকলেও শেহতীয়া পৰিস্থিতিক লৈ এক স্পষ্ট ধাৰণা দাঙি ধৰিছে আৰু এইক্ষেত্ৰত ভাৰতীয় সেনাৰ শক্তিৰ সৈতে মুখামুখি হ'বলৈ হ'লে যিকোনো মহাশক্তিয়ে এবাৰলৈ হ'লেও চিন্তা কৰিব লাগিব ৷

Indian Army busts myth of PLA's might
ভাৰতীয় সেনাই ফাদিল কৰিলে পিএলএৰ শক্তিৰ অৱধাৰণা

By

Published : Sep 16, 2020, 7:10 PM IST

নিউজ ডেস্ক, 16 ছেপ্তেম্বৰ : ভাৰতীয় সেনাই গ্ৰহণ কৰা শেহতীয়া স্থিতিয়ে প্ৰকৃত নিয়ন্ত্ৰণৰেখাত ভাৰতৰ আধিপত্যৰ সুদৃঢ় অৱস্থানৰ বিষয়ে চীনৰ প্ৰতি এক কঠোৰ প্ৰত্যুত্তৰ বুলি ধাৰণা কৰা হৈছে ৷ পূৰ্বৱৰ্তী লাডাখত দুয়োখন দেশৰ সেনাই পৰস্পৰে পৰস্পৰৰ মুখামুখি হোৱাৰ লগতে বিগত সময়ত ৰক্তাক্ত পৰিস্থিতিৰো উদ্ভৱ হৈছিল ৷ চীনৰ পিএলএ যিয়ে ভিয়েটনামৰ বিৰুদ্ধে এক ৰক্তাক্ত যুদ্ধত অৱতীৰ্ণ হৈছে,ভাৰতৰ শক্তিশালী স্থিতিক একপ্ৰকাৰে এৰাই চলা দেখা গৈছে যদিও সেয়া ভাৰতীয় সেনাই এক সোণালী সুযোগ হিচাপে ব্যৱহাৰ কৰিবলৈ 100 শতাংশই সফল হৈছে ৷ সকলো পৰিস্থিতিতে চীনৰ পিএলএ ভাৰতীয় স্থলসেনাৰ শক্তিৰ আগত একপ্ৰকাৰ আত্মসমৰ্পণ কৰা যেনেই অনুমান হৈছে ৷ ইতিমধ্যে ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শেহতীয়াকৈ ঘোষণা কৰিছে যে, ভাৰতীয় সেনাই যিকোনো পৰিস্থিতিৰ সৈতেই কঠোৰভাৱে মুখামুখি হ'বলৈ সম্পূৰ্ণৰূপে সাজু আছে ৷ মঙলবাৰে লোকসভাই এই কথা স্পষ্টভাষাৰে জনাই দিছে ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক :প্ৰকৃত নিয়ন্ত্ৰণৰেখাত চীনা সৈন্যৰ কুচকাৱাজ, ৰিজাং লাত চীনা সৈন্যৰ ঘাটি স্থাপনৰ চেষ্টা

চীনে শেহতীয়াকৈ বিভিন্ন ধৰণে হিংসাত্মক ঘটনাৰ সৈতে জড়িত হৈ পৰাৰ লগতে লাডাখ, গোগৰা, কোংকা লা, পাংগং ছ্য আদি অঞ্চলত নিজৰ স্থিতি স্থাপন কৰিছে যদিও ভাৰতীয় সেনাই চীনা সৈন্যৰ এই কাৰ্যক প্ৰতিহত কৰিবলৈ অধিক উচ্চতাত চাউনী স্থাপন কৰাৰ লগতে চীনৰ গতিবিধিৰ ওপৰত নজৰ ৰাখি আহিছে ৷ বিগত এপ্ৰিলৰ পৰাই দুয়োখন দেশৰ সেনাৰ মাজত উত্তেজনাপূৰ্ণ পৰিস্থিতি অব্যাহত আছে আৰু চীনে ফিংগাৰ অঞ্চলৰ লগতে অন্যান্য অঞ্চল খালী কৰিবলৈ অমান্তি হৈছে ৷ এনে অৱস্থাত ভাৰতীয় স্থলসেনাই দুগুণ শক্তিৰে লাডাখৰ লগতে অন্যান্য অঞ্চলসমূহত সামৰিক স্থিতিৰ লগতে লজিষ্টিকছ বৃদ্ধি কৰি তুলিছে ৷ বহুক্ষেত্ৰত ভাৰতে চীনৰ যি তথাকথিত সামৰিক শক্তি তাক একপ্ৰকাৰে নিয়ন্ত্ৰণত ৰাখিবলৈ সক্ষম হৈছে ৷ এই কথা বহুটো সামৰিক তথা কুটনৈতিক বিশেষজ্ঞই মানি লৈছে ৷

লগতে পঢ়ক :ভাৰতীয় সৈন্য অপ্ৰতিৰোধ্য: লেফটেনেণ্ট কৰ্ণেল এ কে নন্দী

প্ৰকৃত নিয়ন্ত্ৰণৰেখাত চলি থকা উত্তেজনাৰ মাজতে আহিবলগীয়া শীতকালৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে ভাৰতীয় সেনা ৷ বিশেষকৈ অতি উচ্চতাত চাউনীসমূহ সুৰক্ষিত কৰি ৰাখিবলৈ ইতিমধ্যেই ভাৰতীয় সেনাই লজিষ্টিকছ আৰু অন্যান্য টেন্ট জাতীয় সামগ্ৰীৰ লগতে ইন্ধন আৰু অস্ত্ৰ-শস্ত্ৰৰ এক বৃহৎ ভাণ্ডাৰ সাজু কৰি তুলিছে আৰু এইসমূহ সামগ্ৰী লাডাখত মজুত ৰখাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে ভাৰতীয় স্থলসেনা ৷ এনে অৱস্থাত আগন্তুক শীতকালৰ বাবে নিজকে প্ৰস্তুত কৰি তোলাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে ভাৰতীয় স্থলসেনাই ৷ ভাৰতীয় বায়ুসেনা আৰু ভাৰতীয় নৌ-সেনাৰ সহযোগত স্থলসেনাই সম্পূৰ্ণৰূপে এইটো অঞ্চলত নিজৰ খোপনি পুতিবলৈ ইতিমধ্যেই সক্ষম হৈছে আৰু আগন্তুক শীতকালতো ইয়াত নিজৰ আধিপত্য বিস্তাৰ কৰি ৰাখিবলৈ আন এক কাৰ্গিল 2.0ৰ বাবে সাজু হৈছে ৷

লগতে পঢ়ক :কাৰ্গিল 2.0ৰ বাবে সাজু ভাৰতীয় সেনা, বিশেষ প্ৰতিবেদন

ABOUT THE AUTHOR

...view details