অসম

assam

ETV Bharat / bharat

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যৌথ অভিযান

ভাৰতীয় সৈন্য আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে যৌথভাৱে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আৰম্ভ কৰিছে অভিযান ৷

By

Published : Dec 27, 2020, 2:30 PM IST

INDIAN ARMY & JKP APPREHENDED TERRORISTS BELONGING TO JK GHAZNAVI FORCE IN A JOINT OPERATION NEAR GALUTHI, RAJOURI
সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যৌথ অভিযান

জম্মু-কাশ্মীৰ,27 ডিচেম্বৰ: ভাৰতীয় সৈন্য আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে যৌথভাৱে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আৰম্ভ কৰিছে অভিযান ৷ এক গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত ৰাজৌৰি জিলাৰ গালুথী অঞ্চলত অভিযান চলাই অভিযানকাৰী দলটোৱে বিস্ফোৰকৰ সৈতে এখন বাহন জব্দ কৰাৰ লগতে সন্ত্ৰাসবাদীক আটক কৰে ৷ ধৃত সন্ত্ৰাসবাদীকেইজন সন্ত্ৰাসবাদী সংগঠন জম্মু-কাশ্মীৰ গজনবী ফ’ৰ্চৰ সদস্য বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷ এই সন্ত্ৰাসবাদী কেইজনৰ সৈতে স্থানীয় সন্ত্ৰাসবাদী জড়িত থকাৰ অনুমান প্ৰকাশ কৰিছে আৰক্ষী সূত্ৰই ৷ সন্ত্ৰাসবাদী কেইজনৰ ঘাটিৰ পৰা অধিক বিস্ফোৰক সামগ্ৰী আৰু মাৰণাস্ত্ৰ উদ্ধাৰৰ বাবে আৰক্ষী আৰু সেনাই অব্যাহত ৰাখিছে অভিযান ৷

ধৃত সন্ত্ৰাসবাদী কেইজনে ৰাজৌৰি জিলাত কূটাঘাতমূলক কাৰ্যকলাপ সংঘটিত কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰিছিল ৷ উল্লেখ্য যে, বিগত 20 ডিচেম্বৰত পুৰণি মোগল ৰোডত সংঘটিত এক সংঘৰ্ষত দুগৰাকী বিদেশী সন্ত্ৰাসবাদী নিহত হৈছিল ৷ আজিও অব্যাহত আছে এই ঘটনাৰ তদন্ত ৷

লগতে চাওকঃCOVID-19 : ২৪ ঘন্টাৰ ভিতৰত ভাৰতত নতুনকৈ ১৮,৭৩২ জন আক্ৰান্ত

For All Latest Updates

ABOUT THE AUTHOR

...view details