বঙাইগাঁও, 26 অক্টোবৰঃবঙাইগাঁও জিলাত প্ৰাক্তন সৈনিকসকলৰ বাবে শনিবাৰে অনুষ্ঠিত হৈ যায় এটি প্ৰাক্তন সৈনিক শিবিৰ ৷ দেশৰ বাবে সেৱা আগবঢ়োৱা প্ৰাক্তন সৈনিক আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ বাবে আয়োজন কৰা হয় এই শিবিৰটো ৷
প্ৰাক্তন সৈনিক শিৱিৰৰ এটা দৃশ্য ভাৰতীয় স্থলসেনাৰ ৰেড হৰ্ণ ডিভিজনৰ অন্তৰ্গত 5ম গাড়ৱাল ৰাইফলছে অনুষ্ঠিত কৰে শিবিৰটো ৷ শিবিৰটোত চিৰাং,বঙাইগাঁও,কোকৰাঝাৰ আৰু ধুবুৰীৰ প্ৰায় দুই হাজাৰোধিক প্ৰাক্তন সেনা আৰু তেওঁলোকৰ পৰিয়ালৰ লোকে অংশগ্ৰহণ কৰে ৷ শিবিৰত প্ৰাক্তন সৈনিকসকলৰ বাবে স্বাস্থ্য শিবিৰকে ধৰি অন্যান্য আইনী সাহায্য শিবিৰ তথা সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হৈ যায় ৷
প্ৰাক্তন সৈনিক শিৱিৰৰ এটা দৃশ্য প্ৰাক্তন সৈনিকসকলৰ সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখি বঙাইগাঁও জিলাত শিবিৰটো অনুষ্ঠিত কৰাৰ কথা প্ৰকাশ কৰে জিলা উপায়ুক্ত আদিল খানে ৷ আনহাতে এই অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় স্থলসেনাৰ প্ৰাক্তন সৈনিক কল্যাণনিধিৰ সঞ্চালক ব্ৰিগেডিয়াৰ যোশী ৷ ইয়াৰ উপৰিও অনুষ্ঠানত চিৰাং,বঙাইগাঁও,কোকৰাঝাৰ আৰু ধুবুৰী জিলাত কৰ্মৰত স্থলসেনাৰ বিভিন্ন ইউনিটৰ শীৰ্ষ বিষয়াসকলৰ লগতে বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক সুবোধ সোণোৱাল উপস্থিত থাকে ৷
বঙাইগাঁৱত প্ৰাক্তন সৈনিক শিৱিৰ প্ৰাক্তন সৈনিকসকলৰ বাবে আয়োজন কৰা অনুষ্ঠানটোত স্থানীয় লোকসকলে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বড়োসকলৰ নৃত্যৰ লগতে কোচ-ৰাজবংশীসকলৰ নৃত্য তথা অন্যান্য অনুষ্ঠান অনুষ্ঠিত হৈ যায় ৷