নেশ্বনেল ডেস্ক, 25 ডিচেম্বৰঃকেন্দ্ৰীয় কেবিনেটে মঙলবাৰে চীফ অৱ ডিফেন্স ষ্টাফৰ পদবীত অনুমোদন জনোৱাৰ লগতে তেওঁৰ দায়িত্ব আৰু কৰ্তব্যৰ সূচী প্ৰকাশ কৰিছে ৷ চীফ অৱ ডিফেন্স ষ্টাফ চাৰি তাৰকাযুক্ত এগৰাকী শীৰ্ষ সৈন্য বিষয়া যিয়ে নতুনকৈ গঠিত হ'বলগীয়া সৈনিক পৰিক্ৰমা বিভাগৰ অধীনত কাম কৰিব ৷
"প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনত গঠন হ'বলগীয়া সৈনিক পৰিক্ৰমা বিভাগ প্ৰতিনিধিত্ব কৰিব আৰু তেওঁৰ দৰমহা সেনাৰ তিনিওগৰাকী প্ৰধানৰ সমানেই থাকিব ৷ বিভাগটোৰ এগৰাকী সচিব হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিব ৷" কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাৱড়েকাৰে এই কথা প্ৰকাশ কৰিছে ৷
তথ্য অনুসৰি, এদিন বা দুদিনৰ ভিতৰতে চৰকাৰে দেশৰ প্ৰথমগৰাকী চীফ অৱ ডিফেন্স ষ্টাফৰ নাম ঘোষণা কৰিব ৷ কেবিনেটৰ নিযুক্তি কমিটীয়ে পদবীটোৰ বাবে সৈনিক বিষয়াসকলৰ নাম নিৰ্ধাৰণ কৰিব ৷ তালিকাৰ শীৰ্ষত আছে স্থলসেনা প্ৰধান জেন. বিপিন ৰাৱাটৰ নাম ৷
চীফ অৱ ডিফেন্স ষ্টাফ হৈছে এটা পদবী যিয়ে ভাৰত চৰকাৰৰ ওচৰত সৈন্যবাহিনীৰ এগৰাকী প্ৰত্যক্ষ উপদেষ্টা হিচাপে কাম কৰিব ৷ স্থলসেনা, বায়ুসেনা আৰু নৌ-সেনাৰ সকলো বিষয়ৰে এগৰাকী উপদেষ্টা হিচাপে কাম কৰিব চীফ অৱ ডিফেন্স ষ্টাফে, যাৰ দ্বাৰা সেনাৰ তিনিওটা অংগই যিকোনো পৰিস্থিতিতে সংহতভাৱে কাম কৰিবলৈ সক্ষম হ'ব ৷ চীফ অৱ ডিফেন্স ষ্টাফ হ'ব সেনাৰ তিনিওটা অংগৰ প্ৰধানসকলতকৈ জ্যেষ্ঠ আৰু চৰকাৰৰ ওচৰত প্ৰথমগৰাকী প্ৰতিনিধি ৷
"চীফ অৱ ডিফেন্স ষ্টাফ এইকাৰণেই গঠন কৰা হৈছে যে, এটা কাৰ্যদক্ষ আৰু উচ্চমানৰ সৈন্যবাহিনীৰ বাবে সংযুক্তভাৱে আৰু এগৰাকী সৈনিক উপদেষ্টাৰ দ্বাৰা ৰাষ্ট্ৰীয় সুৰক্ষা বিষয়ত চৰকাৰক প্ৰতিবেদন দিয়াটো অতিকে প্ৰয়োজনীয় ৷" দেশৰ প্ৰাক্তন স্থলসেনা প্ৰধান জেন. (অৱসৰপ্ৰাপ্ত) এন চি ভিজে চীফ অৱ ডিফেন্স ষ্টাফৰ সন্দৰ্ভত এইদৰে উল্লেখ কৰে ৷
1999চনৰ কাৰ্গিল যুদ্ধৰ পিছতেই চীফ অৱ ডিফেন্স ষ্টাফৰ পদবীৰ কথা উত্থাপিত হৈছিল ৷ দেশৰ সুৰক্ষা আৰু নিৰাপত্তাত থকা সুৰুঙাসমূহ পৰীক্ষণ কৰিবলৈ গঠন কৰা উচ্চস্তৰীয় কমিটীয়ে চীফ অৱ ডিফেন্স ষ্টাফক এগৰাকী পঞ্চতাৰকা যুক্ত সৈনিক বিষয়া বুলি উল্লেখ কৰাৰ লগতে তেওঁ প্ৰতিৰক্ষা মন্ত্ৰীক নিজৰ প্ৰতিবেদন দাখিল কৰিব ৷ কাৰ্গিল যুদ্ধৰ পৰৱৰ্তী উচ্চ-স্তৰীয় কমিটীৰ উপৰিও 2001 চনত কেবাজনো মন্ত্ৰীৰ দ্বাৰা ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা বিষয়ত আৱশ্যকীয় সংস্কাৰসমূহ চোৱাচিতা কৰিবলৈ চীফ অৱ ডিফেন্স ষ্টাফৰ বিষয়ে উল্লেখ কৰিছিল ৷