অসম

assam

ETV Bharat / bharat

ভাৰতীয় বায়ুসেনাই মুকলি কৰিলে অফিচিয়েল গেমছ - এয়াৰ চীফ মাৰ্শ্বাল বি এছ ধানোৱা

ইন্টাৰনেটত অধিকাংশ সময় ভিডিঅ' গেমছ খেলি ভালপোৱা নেটিজেনসকলৰ বাবে ভাল খবৰ ৷ ভাৰতীয় বায়ুসেনাই বুধবাৰে মুকলি কৰিছে অতি উন্নতমানৰ গ্ৰাফিক্স সম্পন্ন এক চিমুলেটেড গেমছ ৷ বায়ুসেনা প্ৰধান এয়াৰ চীফ মাৰ্শ্বাল বি এছ ধানোৱাই নতুন দিল্লীস্থিত বায়ুসেনা মুখ্যায়লত আনুষ্ঠানিকভাৱে মুকলি কৰে ভিডিঅ' গেমছটোৰ ম'বাইল সংস্কৰণ ৷

নেটিজেনৰ বাবে সুখবৰঃ ভাৰতীয় বায়ুসেনাই মুকলি কৰিলে অফিচিয়েল গেমছ

By

Published : Jul 31, 2019, 5:08 PM IST

নিউজ ডেস্ক, 31 জুলাইঃ ইন্টাৰনেটত ভিডিঅ' গেমছ খেলি ভালপোৱা নেটিজেনসকলৰ বাবে ভাৰতীয় বায়ুসেনাই লৈ আহিছে ভাল খবৰ ৷ পাব-জিৰ দৰে গেমছক প্ৰত্যাহ্বান জনাই ভাৰতীয় বায়ুসেনাই শেহতীয়াকৈ মুকলি কৰিছে 'Indian Air Force: A cut above' নামে এক চিমুলেটেড গ্ৰাফিক্স সম্পন্ন ভিডিঅ' গেমছৰ ম'বাইল সংস্কৰণ ৷

ভাৰতীয় বায়ুসেনাই মুকলি কৰিলে অফিচিয়েল গেমছ

দেশৰ যুৱশক্তিক সৈন্যবাহিনীৰ প্ৰতি আকৰ্ষিত কৰাৰ উপৰিও ভাৰতীয় বায়ুসেনাৰ বিষয়ে বিস্তৃত জ্ঞান প্ৰদান কৰিবলৈ গেমছটো মুকলি কৰে বায়ুসেনা প্ৰধান এয়াৰ চীফ মাৰ্শ্বাল বি এছ ধানোৱাই ৷ নতুন দিল্লীস্থিত বায়ুসেনা মুখ্যায়লত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ভিডিঅ' গেমছটোৰ ম'বাইল সংস্কৰণ ৷

'Indian Air Force: A cut above'

ভাৰতীয় বায়ুসেনাৰ উইং কামাণ্ডাৰ অভিনন্দন বৰ্থমানৰ প্ৰতীকি লৈ নেটিজেনসকলে "ছিংগল প্লেয়াৰ এণ্ড ট্ৰেইনিং মুড"ত খেলিব পাৰিব গেমছটো ৷ প্লে ষ্টোৰ আৰু আইঅ'এছত উপলব্ধ ইয়াৰ ম'বাইল সংস্কৰণৰ দ্বাৰা গেমছটো খেলিব পাৰিব নেটিজেনসকলে ৷ ভিডিঅ' গেমছটোৰ উদ্বোধনী অনুষ্ঠানত ভাৰতীয় বায়ুসেনা প্ৰধানৰ লগতে বায়ুসেনাৰ অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ৷

ABOUT THE AUTHOR

...view details