নিউজ ডেস্ক, 27 আগষ্ট :ভাৰতে সংযুক্ত ৰাষ্ট্ৰৰ সুৰক্ষা পৰিষদৰ বৈঠকত আতংকবাদৰ ওপৰত পাকিস্তানে কৰা মিছা দাবীসমূহৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘক আনুষ্ঠানিকভাবে পত্ৰ লিখে ৷ এই বৈঠক পৰিষদৰ বাহিৰৰ সদস্যসকলৰ বাবে খোলা নাছিল ৷ ভাৰতে এতিয়া ৰাষ্ট্ৰসংঘক আনুষ্ঠানিকভাৱে পত্ৰ লিখিছে আৰু পাকিস্তানে পৰিষদৰ বৈঠকত মিথ্যাচাৰৰ আশ্ৰয় লৈ মিছা বক্তব্য প্ৰদান কৰা বুলি উল্লেখ কৰে ৷ ভাৰতে সোমবাৰে পাকিস্তানে কৰা দাবীসমূহত কোৱা কথাবোৰক এটা এটাকৈ খণ্ডন কৰিছিল ৷
ভাৰতৰ ফালৰ পৰা কোৱা হয় যে, "যিখন দেশক সীমান্ত পাৰ হৈ অহা সন্ত্ৰাসবাদীৰ হৰ্তাকৰ্তা বুলি জনা যায় ৷ যিয়ে নিজৰ কাৰ্যপ্ৰণালীৰ দ্বাৰা বিশ্বক ক্ষতি কৰিছে ৷ সেই দেশৰ ফালৰ পৰা এনেধৰণৰ দাবী কৰা মুৰ্খামিতকৈ কম নহয় ৷"