নিউজ ডেস্ক, 14 জুলাই : বিগত 24 ঘন্টাত ভাৰতত 28,700 গৰাকী লোক কোভিড-19ত আক্ৰান্ত হয় যদিও দেশত আৰোগ্য হোৱাৰ ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে ৷ কোভিড-19 মহামাৰীৰ সময়ত এয়া নিশ্চয়কৈ এক শুভলক্ষণ আৰু ইয়ে চৰকাৰে কিছু পৰিমানে হ'লেও সাময়িক সকাহ প্ৰদান কৰিছে ৷
ভাৰতত কোভিড-19ত আক্ৰান্ত লোকৰ তুলনাত আৰোগ্য হোৱা ৰোগীৰ সংখ্যা হৈছে 5.5 লাখ ৷ দেশৰ 19খন ৰাজ্যৰ ৰাষ্ট্ৰীয় আৰোগ্য হাৰ 63.02 শতাংশৰ তুলনাত বেছি বুলি প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৷ মন্ত্ৰালয়ৰ পৰিসংখ্যাত ৰাষ্ট্ৰীয় মৃত্যুৰ হাৰ 2.64 শতাংশ বিপৰীতে 30 খন ৰাজ্যত ইয়াৰ হাৰ কম ৷ উত্তৰ-পূৱৰ আঠখন ৰাজ্যৰ মৃত্যুৰ হাৰ 2.09 শতাংশৰ তলত আছে ৷ ছত্তিশগড়ৰ এই হাৰ হৈছে 1.7 শতাংশ আৰু কেৰেলাৰ এই হাৰ 1.43 শতাংশ ৷