নিউজ ডেস্ক, ১৭ জুন : বিগত দশক ধৰি বিতৰ্কিত সীমা বিবাদক কেন্দ্ৰ কৰি চীন আৰু ভাৰতৰ সৈতে গলৱানত সংঘটিত হোৱা সংঘৰ্ষত ভাৰতীয় সেনাৰ ২০ জন সেনা নিহত। সংঘৰ্ষত নিহত হোৱা সেনা কেইজনক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ।
লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে জনাই যে,যিসকল ভাৰতীয় বীৰ জোৱানে ভাৰত ভূমিৰ বাবে জীৱন আহুতি দিলে তেওঁলোকৰ তেজৰ মূল্য অথলে যাব নিদিম । আমি শান্তি বিচাৰো । যদি বিপৰীত পক্ষই শান্তিৰ সলনি হিংসাৰ জৰিয়তে আমাক অনিষ্ট কৰে তেতিয়াহলে তাৰ প্ৰত্যুত্তৰ দিবলৈ আমি সক্ষম ।