নিউজ ডেস্ক, ১৬ এপ্ৰিলঃডিজিটেল প্ৰযুক্তিৰ ওপৰত অধিক প্ৰাধান্য প্ৰদান কৰিছে ভাৰতে । কৰ'ণা মহামাৰীৰ প্ৰতিৰোধৰ এক অন্য়তম সাৱধানতা হিচাপে পৰিগণিত হৈছে ডিজিটেল ট্ৰান্সফাৰ অথবা স্থানান্তৰ । যাৰ বাবেই৩২ কোটি উপভোক্তালৈ ডিজিটেল প্ৰযুক্তি মাধ্যমেৰে ধন স্থানান্তৰ কৰা হৈছে বুলি G-20 ৰ নেতাৰ সৈতে হোৱা বৈঠকত উল্লেখ কৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে । সামাজিক দুৰত্বক সংক্ৰমণৰ গতি ৰোধৰ কৰাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে । যাৰ বাবেই সমগ্ৰ বিশ্বত ১.৩ লাখ মৃত্যু হোৱাৰ বিপৰীতে ভাৰতত মৃত্যুৰ সংখ্যা ৪০০ জন ।
ভাৰতে শেহতীয়াকৈ ৩২০ মিলিয়নতকৈ অধিক লোকক ৩.৯ আমেৰিকান বিলিয়ন টকা একাউণ্টত প্ৰদান কৰিছে বুলি G-20 ৰ নেতা সকলৰ আগত ব্যক্ত কৰে নিৰ্মলা সীতাৰমণে । লগতে চৰকাৰে সময় মতে আৰু তাৎক্ষণিক ভাৱে দৰিদ্ৰ শ্ৰেণীৰ সহায়ৰ বাবে কাম কৰিছে বুলিও উল্লেখ কৰে ।