অসম

assam

ETV Bharat / bharat

ম্যানমাৰ সম্পৰ্কত ভাৰতৰ প্ৰতিক্ৰিয়া

ম্যানমাৰক সেনাই এবছৰৰ বাবে নিজৰ নিয়ন্ত্ৰণত লোৱা বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চুবুৰীয়া দেশখনক আইনৰ শাসন আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়া বজাই ৰাখিবলৈ আহ্বান জনায় ।

By

Published : Feb 1, 2021, 11:39 AM IST

Updated : Feb 1, 2021, 12:31 PM IST

ম্যানমাৰ সম্পৰ্কত ভাৰতৰ প্ৰতিক্ৰিয়া
ম্যানমাৰ সম্পৰ্কত ভাৰতৰ প্ৰতিক্ৰিয়া

নিউজ ডেস্ক, ১ ফেব্ৰুৱাৰী: ম্যানমাৰ সম্পৰ্কত ভাৰতৰ প্ৰতিক্ৰিয়া । ম্যানমাৰক সেনাই এবছৰৰ বাবে নিজৰ নিয়ন্ত্ৰণত লোৱা বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চুবুৰীয়া দেশখনক আইনৰ শাসন আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়া বজাই ৰাখিবলৈ আহ্বান জনায় । ম্যানমাৰৰ এই ঘটনা সন্দৰ্ভত ভাৰত চৰকাৰে বিষয়টো অতি তীক্ষ্নভাৱে নিৰীক্ষণ কৰাৰ কথা ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিযোগে জনায় । ম্যানমাৰৰ গণতান্ত্ৰিক পৰিৱৰ্তন প্ৰক্ৰিয়াৰ প্ৰতি ভাৰতে জনোৱা সমৰ্থনত সদায় অটল বুলি উক্ত বিবৃতিত প্ৰকাশ কৰে ।

সোমবাৰে পুৱাই চ্যুকী আৰু তেওঁৰ দলৰ বিষয়ববীয়াসকলক আটক কৰাৰ পাচতে সেনাই এবছৰৰ বাবে ম্যানমাৰক নিজৰ নিয়ন্ত্ৰণত লয় ।

বিগত বৰ্ষৰ নৱেম্বৰ মাহত দেশখনৰ সাধাৰণ নিৰ্বাচনৰ মাত্ৰ দুমাহ পাচতে আং চান চ্যুকীৰ দল নেশ্যনেল লীগ ফৰ ডেমক্ৰেচি চমুকৈ এন এল ডিৰ প্ৰধান ৰাজনীতিবিদগৰাকীক আটক কৰে । সামৰিক শাসনৰ বিৰুদ্ধে প্ৰায় দুই দশক ধৰি সংগ্ৰাম অব্যাহত ৰখাৰ পাচত চ্যুকীয়ে যোৱা পাঁচ বছৰত ম্যানমাৰৰ অপৰিপূৰ্ণ গণতন্ত্ৰত পৰিৱৰ্তনৰ নেতৃত্ব প্ৰদান কৰিছিল ।

এন এল ডিয়ে চৰকাৰৰ গঠনৰ বাবে প্ৰায় ৩২২ খন আসন লাভ কৰিবলৈ নিশ্চিত হোৱাত ফলাফলক লৈ বিতৰ্কৰ সৃষ্টি কৰিছিল ম্যানমাৰৰ সামৰিক সমৰ্থিত বিৰোধী ইউনিয়ন ঐক্য আৰু উন্নয়ন চমুকৈ ইউ এছ ডি পিয়ে । উল্লেখ্য যে, ২০১১ চনৰ পাচত এইটোৱে দ্বিতীয়টো সাধাৰণ নিৰ্বাচন আছিল ।

তাতমাডো খ্যাত সামৰিক বাহিনীৰ অভিযোগ অনুসৰি, নিৰ্বাচনৰ সময়ত ভোটৰ ব্যাপক জালিয়াতি হোৱাৰ অভিযোগ উত্থাপন কৰাত ইয়াৰ বাবে যদি কোনো সমাধান উলিওৱা নহয় তেন্ত ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি সামৰিক বাহিনীটোৱে হুংকাৰ দিছিল । ৯০ আৰু ২০০০ দশকৰ পৰা দেশখন শাসন কৰা ম্যানমাৰৰ সামৰিক বাহিনীয়ে চীন কমিউনিষ্ট পাৰ্টীৰ সমৰ্থন লাভ কৰে ।

লগতে পঢ়ক: 1 ফেব্ৰুৱাৰীৰ পৰা দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ কলেজৰ পাঠদান

Last Updated : Feb 1, 2021, 12:31 PM IST

ABOUT THE AUTHOR

...view details