হায়দৰাবাদ,31 অক্টোবৰ:48,648 গৰাকী নতুনকৈ কৰ’ণাত আক্ৰান্ত ব্যক্তিৰ সৈতে ভাৰতত কৰ’ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 81,37,119 গৰাকীলৈ ৷ ভাইৰাছবিধৰ পৰা আৰোগ্য লাভ কৰিছে প্ৰায় 74 লক্ষাধিক ব্যক্তিয়ে ৷ সম্প্ৰতি দেশখনত আৰোগ্যৰ হাৰ 91.34 শতাংশলৈ বৃদ্ধি পাইছে ৷ এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৷
ইফালে, 551 গৰাকী ব্যক্তিৰ মৃত্যুৰ লগে লগে ভাইৰাছবিধত মৃত্যু হোৱা ব্যক্তিৰ সংখ্যা বৃদ্ধি পাই 1,21,641 গৰাকীলৈ ৷ বৰ্তমান দেশখনত 5,82,649 গৰাকী ব্যক্তিয়ে ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হৈ আছে ৷ কিন্তু দেশখনত আক্ৰান্তৰ হাৰ 7.16 শতাংশলৈ হ্ৰাস পাইছে ৷