অসম

assam

ETV Bharat / bharat

COVID-19: দেশৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

ভাৰতত বুধবাৰ পৰ্যন্ত COVID-19ত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৭৬,৫১,১০৭ জন। ICMRৰ তথ্য় অনুসৰি ২০ অক্টোবৰলৈকে ১০,৮৩,৬০৮ জন লোকৰ নমুনা পৰীক্ষা কৰা হৈছে।

COVID-19: দেশৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য
COVID-19: দেশৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

By

Published : Oct 21, 2020, 4:07 PM IST

নেশ্যনেল ডেস্ক, ২১ অক্টোবৰ: কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বুধবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি ২৪ ঘণ্টাৰ ব্যৱধানত কৰ'ণাৰ সংক্ৰমণৰ সংখ্যা ধাৰাবাহিকভাৱে তৃতীয় দিনাৰ বাবে ৬০,০০০ কৈ হ্ৰাস পাইছে। বৰ্তমান মুঠ আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৭৬,৫১,১০৭ জন। এতিয়ালৈকে ৬৭,৯৫,১০৩গৰাকী ৰোগী আৰোগ্য হৈছে। ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৮৮.৮১ শতাংশলৈ বৃদ্ধি পাইছে। আনহাতে, COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীৰ হাৰ ১.৫১ শতাংশ হৈছেগৈ।

COVID-19: দেশৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

দেশত কৰ'ণাৰ সংক্ৰমণৰ ৭,৪০,০৯০টা ঘটনা বৰ্তমান সক্ৰিয় হৈ আছে। ICMRৰ তথ্য মতে, ২০ অক্টোবৰলৈকে ৯,৭২,০০৩৭৯ জনৰ নমুনা পৰীক্ষা কৰা হৈছে আৰু মঙলবাৰে ১০,৮৩,৬০৮ জন লোকৰ নমুনা পৰীক্ষণ কৰা হয়।

লগতে পঢ়ক:ক'ভিড-19 পৰীক্ষণ সন্দৰ্ভত দিল্লী উচ্চ ন্যায়লয়ত দাখিল আৱেদন

ABOUT THE AUTHOR

...view details