নিউজ ডেস্ক, 21 জুলাইঃদেশত ক্ষিপ্ৰতাৰে বৃদ্ধি পাইছে কোভিড 19 ত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ 21 জুলাইৰ শেহতীয়া তথ্য অনুসৰি সমগ্ৰ ভাৰততে কৰ'ণাৰ সক্ৰিয় ৰোগীৰ সংখ্যা 402529 গৰাকী । যাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশজুৰি মুঠ কৰ'ণা আক্ৰান্তৰ সংখ্যা 1155191 গৰাকী বুলি অৱগত কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ।
ইফালে, এই ভাইৰাছত দেশজুৰি আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 28,084 গৰাকীলৈ । ইয়াৰ মাজতো বৰ্তমান পৰ্যন্ত কৰ'ণাৰ পৰা আৰোগ্য হৈ উঠিছে 724577 গৰাকী ৷
দেশৰ ভিতৰত কৰ'ণা ভাইৰাছে অধিক ক্ষতিগ্ৰস্ত কৰা ৰাজ্য কেইখন হৈছে দিল্লী, মহাৰাষ্ট্ৰ আৰু তামিলনাডু ৷ মহাৰাষ্ট্ৰৰ কৰ'ণাৰ শেহতীয়া তথ্য অনুসৰি, সক্ৰিয় ৰোগীৰ সংখ্যা 120780 গৰাকী, ইয়াৰ লগতে মুঠ ৰোগীৰ সংখ্যা 292589 গৰাকী ৷ আনহাতে দিল্লীৰ শেহতীয়া তথ্য অনুসৰি সক্ৰিয় ৰোগীৰ সংখ্যা 16031 গৰাকী আৰু মুঠ ৰোগীৰ সংখ্যা 1,22,793 গৰাকী ৷ সমান্তৰালকৈ তামিলনাডুৰ সক্ৰিয় ৰোগীৰ সংখ্যা 5,0297 হোৱাৰ লগতে মুঠ ৰোগীৰ সংখ্যা 170693 বুলি জানিব পৰা গৈছে ৷
অন্যহাতে, অসমৰ শেহতীয়া তথ্য অনুসৰি সক্ৰিয় ৰোগীৰ সংখ্যা 7919 গৰাকী হোৱাৰ লগতে মুঠ ৰোগীৰ সংখ্যা 23999 গৰাকী ৷ লগতে আৰোগ্য লাভ কৰা লোকৰ সংখ্যা 16023 গৰাকী আৰু মৃতকৰ সংখ্যা 57 গৰাকী ৷