অসম

assam

ETV Bharat / bharat

ভাৰতে পৰীক্ষণ কৰিব 3,500 কিঃমিঃ দূৰত্বলৈ নিক্ষেপ কৰিব পৰা ক্ষেপনাস্ত্ৰ - K-4 ক্ষেপনাস্ত্ৰ

অন্ধ্ৰপ্ৰদেশৰ উপকুলৰ পৰা পৰীক্ষণ কৰা হ’ব ক্ষেপনাস্ত্ৰবিধ ৷ পানীৰ তলৰ পৰা উৎক্ষেপন কৰিবলগা ক্ষেপনাস্ত্ৰবিধ 3,500 কিঃমিঃ দূৰত্বলৈ নিক্ষেপ কৰিব পৰা যাব ৷

ভাৰতে পৰীক্ষণ কৰিব K-4 ক্ষেপণাস্ত্ৰ

By

Published : Nov 6, 2019, 8:28 PM IST

নেশ্যনেল ডেস্ক, 6 নবেম্বৰ: ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰখন আৰু অধিক শক্তিশালী কৰি তুলিবলৈ ভাৰতে শুক্ৰৰবাৰে পৰীক্ষণ কৰিব K-4 ক্ষেপনাস্ত্ৰ ৷ অন্ধ্ৰপ্ৰদেশৰ উপকুলৰ পৰা পৰীক্ষণ কৰা হ’ব ক্ষেপনাস্ত্ৰবিধ ৷ এই ক্ষেপনাস্ত্ৰবিধ চাবমেৰিণৰ পৰা উৎক্ষেপন কৰিব পৰা যাব ৷ পানীৰ তলৰ পৰা উৎক্ষেপন কৰিবলগা ক্ষেপনাস্ত্ৰবিধ 3,500 কিঃমিঃ দূৰত্বলৈ নিক্ষেপ কৰিব পৰা যাব ৷

এই পৰীক্ষণ চলাব প্ৰতিৰক্ষা গৱেষণা আৰু পৰীক্ষণ সংস্থায়ে ৷ অৰিহন্ট শাখাৰ পাৰমাণৱিক চাবমেৰিণৰ বাবে তৈয়াৰ কৰা হৈছে এই ক্ষেপনাস্ত্ৰ ৷ K-4 ক্ষেপনাস্ত্ৰ ভাৰতত নিৰ্মিত পানীৰ তলৰ পৰা উৎক্ষেপন কৰিব পৰা দ্বিতীয়বিধ অস্ত্ৰ, ইয়াৰে আনটো হৈছে BO-5 ৷ উল্লেখযোগ্য যে, BO-5 ক্ষেপনাস্ত্ৰ 700 কিঃমিঃ দূৰত্বলৈ নিক্ষেপ কৰিব পৰা যায় ৷ K-4 ক্ষেপনাস্ত্ৰৰ অক্টোবৰ মাহতে উৎক্ষেপন কৰাৰ কথা আছিল যদিও কোনো অজ্ঞাত কাৰণত সম্ভৱ হৈ নুঠিল ৷ ইয়োপৰি, ভাৰতে অহা মাহত ব্ৰাহ্মচ আৰু অগ্নি ক্ষেপণাস্ত্ৰ পৰীক্ষণ কৰিব ৷

ABOUT THE AUTHOR

...view details