অসম

assam

ETV Bharat / bharat

ভাৰতত চাবমেৰিনৰ পৰা নিক্ষেপ কৰিব পৰা বেলিষ্টিক ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ - চি.ই.পি

পাৰমাণৱিক ক্ষমতা সম্পন্ন এখন চাবমেৰিনেৰে K-4 নামৰ এখন বেলিষ্টিক ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ সমাপন হৈছে ৷ ডিআৰডিঅ'ৰ দ্বাৰা নিৰ্মিত এই ক্ষেপণাস্ত্ৰ ভাৰতীয় নৌ বাহিনীৰ জাহাজ অৰিহন্তত সজ্জিত হ'ব ৷

পৰীক্ষা সম্পন্ন ভাৰতত
বেলিষ্টিক ক্ষেপণাস্ত্ৰ

By

Published : Jan 20, 2020, 11:28 AM IST

নিউজ ডেস্ক, 20 জানুৱাৰীঃভাৰতীয় প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংগঠনে সদৰী কৰা এক তথ্য অনুসৰি জানিব পৰা গৈছে, পাৰমাণৱিক ক্ষমতা সম্পন্ন এখন চাবমেৰিনেৰে K-4 নামৰ 3,500 কিলেমিটাৰ দূৰত্ব ভেদ কৰিব পৰা এটা বেলিষ্টিক ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ সমাপন কৰে ৷

ডিআৰডিঅ'ৰ দ্বাৰা বিকশিত এই ক্ষেপণাস্ত্ৰ ভাৰতীয় নৌ সেনাৰ জাহাজ অৰিহন্তত সু সজ্জিত হ'ব,যিটো পাৰমাণৱিক শক্তিৰে চলা চাবমেৰিনৰ পৰা নিক্ষেপ কৰিব পৰা যাব ৷ এবাৰ যদি এই ক্ষেপণাস্ত্ৰ অন্তৰ্ভুক্ত কৰা পাৰমাণৱিক ক্ষমতা সম্পন্ন চাবমেৰিন অৰিহন্তৰ পৰা ভাৰতৰ জলৰাশিৰ পৰা পাৰমাণৱিক অস্ত্ৰ উৎক্ষেপনৰ ক্ষমতা প্ৰদান কৰিব ৷

ভাৰতীয় নৌ সেনাৰ জাহাজ অৰিহন্ত প্ৰথম আৰু একমাত্ৰ অপাৰেশ্যনেল এছএছবিএন, যিটো 750 কিলোমিটাৰৰ ঘাতক ক্ষমতা সম্পন্ন K-4 ক্ষেপণাস্ত্ৰৰে সজ্জিত ৷ ডিআৰডিঅ'ই দেওবাৰে দুপৰীয়া বিশাখাপট্টনমৰ উপকূলৰ পৰা ইয়াৰ সফল পৰীক্ষণ কৰে ৷

এই ক্ষেপণাস্ত্ৰ উন্নীতকৰণৰ বাবে বিভিন্ন পেৰামিটাৰত পৰীক্ষা কৰি চোৱা হৈছিল ৷ ইয়াৰ ত্ৰুটি সম্ভাৱনা চীনৰ ক্ষেপণাস্ত্ৰতকৈ অধিক পৰিস্কৃত ৷ চি.ই.পিয়ে ক্ষেপণাস্ত্ৰৰ সঠিকতা নিৰ্ধাৰণ কৰে ৷ চি.ই.পি যিমানেই কম হয়,ক্ষেপণাস্ত্ৰও সিমানেই সঠিক হয় ৷

লগতে পঢ়কঃ অষ্ট্ৰিয়াস্থিত ভাৰতৰ ৰাষ্ট্ৰদূতৰ বদলিক লৈ ৰহস্য

ABOUT THE AUTHOR

...view details