দেওবাৰে অৰ্থাৎ ১৯ জানুৱাৰীত অন্ধ্ৰ প্ৰদেশৰ উপকূলত পানীত ডুবি থকা এখন ছাবমেৰিনৰ পৰা ভাৰতবৰ্ষই সফলভাৱে ৩৫০০ কিল’মিটাৰ ৰেঞ্জৰ K৪ এছ এল বি এম (ছাবমেৰিন-লঞ্চড্-বেলিষ্টিক মিছাইল)ৰ পৰীক্ষণ সম্পন্ন কৰে । প্ৰাপ্ত খবৰ অনুসৰি, ইয়াৰ বাবে প্ৰয়োজনীয় সকলো কাৰিকৰী দিশেই সন্তোষজনক আছিল । যদিও কোনো চৰকাৰী প্ৰেছ বিবৃতি প্ৰকাশ কৰা হোৱা নাই, চৰকাৰী সূত্ৰই K৪ ৰ সফলতাৰ বিষয়ে নিশ্চিত কৰে । লগতে K৪ত চাৰ্কুলাৰ এৰৰ প্ৰ’বেবিলিটী চমুকৈ চি ই পি চীনা মিছাইলবোৰতকৈ অধিক সুসংহত বুলি প্ৰকাশ কৰে । K৪ এছ এল বি এমৰ সৈতে জড়িত থকা ডিফেন্স ৰিচাৰ্ছ এণ্ড ডেভলপমেণ্ট অৰ্গেনাইজেশ্বন চমুকৈ ডি আৰ ডি অ’ৰ লগতে আন সংস্থাসমূহক ইয়াৰ বাবে প্ৰশংসা কৰিব লাগে যদিও K৪ৰ সক্ষমতা সন্দৰ্ভত অতিৰঞ্জিত দাবী কৰাটো সঠিক নহ’ব । বিশ্ব পাৰমাণৱিক অস্ত্ৰৰ সংঘত ভাৰত শেহতীয়া প্ৰৱেশকাৰী । প্ৰযুক্তি আৰু কৌশলগত প্ৰেক্ষাপটত কিছু ঐতিহাসিক দৃষ্টিকোণেৰে K৪ ক চোৱাটো হিতকৰ হ’ব । এছ এল বি এমক লৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ (পূৰ্বৰ ছোভিয়েটৰ ঐতিহ্য আৰু সম্পদৰ উত্তৰাধিকাৰী) মাজত প্ৰতিদ্বন্দ্বিতা অব্যাহত আছে । শীতল যুদ্ধই তীব্ৰতা লাভ কৰাৰ সময়ত ১৯৮০ৰ দশকৰ মাজভাগত এই দুখন দেশে এছ এছ বি এনৰ ওপৰত গৈ এছ এল বি এম-এছ বাহিৰলৈ প্ৰেৰণ কৰিছিল । এছ এছ বি এনৰ সৰ্বাধিক ৰেঞ্জ আছিল ১২ হাজাৰ কিল’মিটাৰ আৰু চি ই পি আছিল এশ মিটাৰৰ ভিতৰত । ব্ৰিটেইন আৰু ফ্ৰান্সক মজলীয়া পাৰমাণৱিক অস্ত্ৰৰ শক্তি বুলি ধৰা হয় । এই দুখন দেশ আমেৰিকা নেতৃত্বাধীন ৱাণ্ডাৰৱাটাৰ ডেটাৰেণ্টৰ শক্তিৰ অংশীদাৰ ।
চীনে ১৯৬৪ চনৰ অক্টোবৰত প্ৰথমে নিজৰ পাৰমাণৱিক অস্ত্ৰৰ সক্ষমতাৰ বিষয়ে ঘোষণা কৰে আৰু ১৯৮২ চনৰ অক্টোবৰত প্ৰথমটো এছ এল বি এম পৰীক্ষণ সম্পন্ন কৰে । ৰে এল-১ মিছাইলৰ ১৭০০ কিল’মিটাৰ ৰেঞ্জৰ ক্ষমতা আছিল । পৰৱৰ্তী দশকসমূহত চীনে ছাবেমৰিণৰ ক্ষমতা আৰু পানীৰ তলত সামৰিক শক্তি বৃদ্ধিত যথেষ্ট বিনিয়োগ কৰে । ২০১৮ চনৰ নৱেম্বৰ মাহত চীনে 9 হাজাৰ কিল’মিটাৰ ৰেঞ্জৰ জে এল-৩ৰ পৰীক্ষণ সম্পন্ন কৰে । এই মিছাইল নাৱৰ সৈতে সংযুক্ত কৰিব পাৰি আৰু ২০২৫ ৰ ভিতৰত সম্পূৰ্ণ কাৰ্যক্ষম হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে । এনে এক আঞ্চলিক আৰু গোলকীয় পৰিৱেশত ভাৰকবৰ্ষই নিজৰ পাৰমাণৱিক শক্তি বৃদ্ধিৰ কাৰ্যপন্থা গ্ৰহণ কৰিব লাগিব । উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৮ চনৰ নৱেম্বৰ মাহত এক টুইটযোগে পানীৰ তলৰ সামৰিক শক্তিক্ষেত্ৰত নিজৰ অন্তৰ্ভুক্তিৰ বিষয়ে ঘোষণা কৰিছিল ৷ ভাৰতৰ গৌৰৱ, পাৰমাণৱিক ছাবমেৰিণ আই এন এছ অৰিহাণ্টে ইয়াৰ প্ৰথমটো ডেটাৰেঞ্চ পেট্ৰ’ল সম্পন্ন কৰিছে । এই টুইটৰ জৰিয়তেই ভাৰতবৰ্ষই প্ৰথমবাৰৰ বাবে স্বীকাৰ কৰে যে দেশখনে এতিয়া সীমাবদ্ধ অথচ বিশ্বাসযোগ্য ৱাণ্ডাৰৱাটাৰ ডেটাৰেণ্ট অৰ্জন কৰিছে ।